তেজপুৰ, ১৩ জুলাই:উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ছাত্ৰ-ছাত্ৰীয়ে যোগ্যতাৰ ভিত্তিত নিজৰ নাম সন্নিবিষ্ট হোৱা প্ৰ-পত্ৰ দাখিল আৰু নামভৰ্তিৰ বাবে বুধবাৰে তেজপুৰৰ ঐতিহাসিক দৰং মহাবিদ্যালয়(Darang College, Tezpur)ত ভিৰ কৰিছিল ৷ মহাবিদ্যালয়খনত নামভৰ্তিৰ বাবে পুৱাৰ পৰা প্ৰখৰ ৰ'দকো নেওচি একত্ৰিত হৈছিল প্ৰায় ২ হাজাৰ ছাত্ৰ-ছাত্ৰী ৷ জীৱনৰ এক নতুন অধ্যায়ৰ পাতনি মেলাৰ লগতে নামভৰ্তিক লৈ ছাত্ৰী-ছাত্ৰীসকলৰ মাজত দেখা গৈছিল এক উৎকন্ঠাময় পৰিবেশ ৷ কিন্তু ইয়াৰ মাজতেই হঠাতে সংঘটিত হয় এক অঘটন ৷
মহাবিদ্যালয়খনৰ স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে শাৰী পাতি থকা অৱস্থাত হঠাতে ঢলি পৰে এজন ছাত্ৰ ৷ তেওঁক ততাতৈয়াকৈ তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে তেজপুৰ ব্যপ্তিষ্ট খ্ৰীষ্টান মিছনেৰী হাস্পতাললৈ প্ৰেৰণ কৰে ৷ কিন্তু মিছনেৰী হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয় ছাত্ৰজনৰ ৷ মৃত ছাত্ৰজন তেজপুৰৰ কলিবাৰীৰ নিবাসী গোলাপ বৰাৰ পুত্ৰ ভাৰ্গৱ জ্যোতি বৰা(19) বুলি জানিব পৰা হৈছে(Sudden death of student coming to college to enroll) ৷