তেজপুৰ, ১৬ মে': অবিভক্ত দৰং জিলাৰ এগৰাকী প্ৰসিদ্ধ ভলীবল খেলুৱৈ তথা ৰাজ্যিক ক্ৰীড়া পেঞ্চন প্ৰাপক তেজপুৰ লালমাটিৰ দেৱপ্ৰসাদ নাথৰ দেওবাৰে দুপৰীয়া ১:১০ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৷ ৬০ আৰু ৭০ দশকত ৰাজ্যিক ভলীবল দলক প্ৰতিনিধিত্ব কৰা দেৱপ্ৰসাদ নাথে ৰঙাপৰাৰ সমীপৱৰ্ত্তী ফুলবাৰী চাহ বাগিচাত চাকৰি কৰিছিল ৷
তেজপুৰৰ প্ৰসিদ্ধ ভলীবল খেলুৱৈৰ মৃত্যু
ৰাজ্যিক ভলীবল খেলুৱৈ তথা ৰাজ্যিক ক্ৰীড়া পেঞ্চন প্ৰাপক তেজপুৰ লালমাটিৰ দেৱপ্ৰসাদ নাথ আকস্মিক মৃত্যু ৷ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ শোক প্ৰকাশ ৷
তেজপুৰৰ প্ৰসিদ্ধ ভলীবল খেলুৱৈৰ মৃত্যু
অবিভক্ত দৰং জিলাৰ ১৯৬৯ চনত গঠন হোৱা প্ৰথম জিলা জুনিয়ৰ ভলীবল দলৰ প্ৰশিক্ষক প্ৰয়াত নাথৰ মৃত্যুত তেজপুৰ জিলা ক্ৰীড়া সন্থাই শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷