অসম

assam

মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ

By

Published : Apr 29, 2019, 10:21 PM IST

Updated : Apr 30, 2019, 12:28 AM IST

সাংবাদিক আক্ৰমণ সম্পৰ্কত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰতিক্ৰিয়া ব্যক্ত । ইউনিয়নৰ সদস্যসকলে ঘটনাৰ উচিত তদন্ত দাবী কৰি উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ । সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰাৰ কথা উল্লেখ কৰা হয় স্মাৰক পত্ৰত ।

SONITPUR JOURNALIST UNION SUBMITS MEMORANDUM

তেজপুৰ,২৯ এপ্ৰিলঃ ৰাজ্যত সাংবাদিকৰ ওপৰত চলা আক্ৰমণৰ তীব্ৰ নিন্দা কৰাৰ লগতে আক্ৰমণকাৰী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ । ইউনিয়নৰ সদস্যসকলে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

SONITPUR JOURNALIST UNION SUBMITS MEMORANDUM

উল্লেখ্য যে, দৈনিক অসম কাকতৰ সাংবাদিক ৰাজেন ডেকা আৰু নিউজ 18 ৰ উপাসনা বৰুৱা, ধুবুৰী জিলাৰ ৰাজীৱ শৰ্মা আৰু যোৰহাটৰ ডি ৱাই 365 ৰ ৰাজীৱ বৰাক কৰা আক্ৰমণে ৰাজ্যখনৰ সাংবাদিকসকলৰ চৰম নিৰাপত্তাহীনতাক সূচায় । এই দুষ্কাৰ্যৰ লগত জড়িত সকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি ৰাজ্যৰ প্ৰতিজন সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰাৰ কথা উল্লেখ কৰা হয় স্মাৰক পত্ৰত ।

Last Updated : Apr 30, 2019, 12:28 AM IST

ABOUT THE AUTHOR

...view details