তেজপুৰ, ৩ ডিচেম্বৰ :অসম চৰকাৰৰ ক‘ভিড ভেকচিনেছনৰ বিশেষ অভিযান(Har Ghar Dastak at Sonitpur)ত এতিয়া সকলো মন্ত্ৰী বিধায়ক আমোলাৰ লগতে ব্যস্ত আৰক্ষী বিষয়াও । উৰা বাতৰি কিম্বা স্বাস্থ্যজনিত কাৰণত ক’ভিড ভেকচিন ল’বলৈ অস্বীকাৰ কৰাসকলক ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰি জীৱন ৰক্ষা কৰা যুঁজত ব্যস্ত হৈছে এইসকল লোক । ইয়াৰ মাজতে শুকুৰবাৰে বিশেষ ৰূপত দেখা গ’ল শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকক ৷
শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীক শুকুৰবাৰে নিজহাতে ক’ভিড ভেকচিন প্ৰদানত ব্যস্ত থকা দেখিবলৈ পোৱা যায় । ঢেকিয়াজুলি থানাৰ অন্তৰ্গত খাউলা চেন্টাৰৰ সমীপৰ এখন গাঁৱৰ এটা পৰিয়ালৰ লোকক আৰক্ষী অধীক্ষকগৰাকীক নিজে ক’ভিডৰ ভেকচিন প্ৰদান কৰা দেখিবলৈ পোৱা যায় । চিকিৎসা বিজ্ঞানৰ ডিগ্ৰীধাৰী তথা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শোণিতপুৰৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনাৱটে(Sonitpur district Superintendent of Police Dhananjay P Ghanawat) আৰক্ষীৰ দায়িত্ব পালন কৰাৰ লগতে ক’ভিড ভেকচিন ল’বলৈ অস্বীকাৰ কৰা লোকক বুজাই ভেকচিন ল’বলৈ সন্মত কৰাৰ লগতে প্ৰদান কৰে ভেকচিন ৷