অসম

assam

ETV Bharat / city

তেজপুৰত গোমচেং ২০১৯ সফলতাৰে আয়োজন - গোমচেং ২০১৯

তেজপুৰস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী চমুকৈ জি আই এম টি, তেজপুৰত 'Ethnic Day' কাৰ্যসূচী হিচাপে 'গোমচেং ২০১৯' অনুষ্ঠানৰ আয়োজন কৰা হয়। অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানখনত প্ৰতিবছৰে ব'হাগ মাহৰ প্ৰথম পষেকত পৰম্পৰাগত সাজ পোছাক পৰিধানৰ দিৱস হিচাপে এটা দিন নিৰ্ধাৰণ কৰি বিশেষভাৱে উদযাপন কৰি অহা হৈছে।

তেজপুৰত গোমচেং ২০১৯

By

Published : Apr 28, 2019, 2:50 AM IST

তেজপুৰ 28 এপ্ৰিলঃ বিগত বৰ্ষ সমূগৰ দৰে চলিত বৰ্ষতো তেজপুৰস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী চমুকৈ জি আই এম টি, তেজপুৰত 'Ethnic Day' কাৰ্যসূচী হিচাপে 'গোমচেং ২০১৯' অনুষ্ঠানৰ আয়োজন কৰা হয়। অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানখনত প্ৰতিবছৰে ব'হাগ মাহৰ প্ৰথম পষেকত পৰম্পৰাগত সাজ পোছাক পৰিধানৰ দিৱস হিচাপে এটা দিন নিৰ্ধাৰণ কৰি বিশেষভাৱে উদযাপন কৰি অহা হৈছে। এই বৰ্ষত ২৭ এপ্ৰিলৰ দিনটোত আয়োজন কৰা উক্ত অনুষ্ঠানটোত প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অন্যান্য কৰ্মচাৰীবৃন্দ সকলোৱে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নিজ নিজ কৃষ্টি-সংস্কৃতিৰ পৰিৱেশন কৰে। পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভ-উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ বুলজিৎ বুঢ়াগোহাঁয়ে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ পৰম্পৰাগত খেল-ধেমালি, কণী যুঁজ, ৰচী টনা, কলহ ভঙা আদিৰো আয়োজন কৰা হয়। ইয়াৰ উপৰিও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে হোলী গীত, ভূপেন্দ্ৰ সংগীত, কবিতা আবৃত্তি, বিহুৰ পৰিৱেশেনৰে পৰিৱেশ জীপাল কৰি তোলে ৷ শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষকসকলেও বৰগীত, জিকিৰ, জ্যোতি সংগীত আদি পৰিৱেশন কৰে ৷ শিক্ষা প্ৰতিষ্ঠানখনৰ সহকাৰী অধ্যাপক পিনাকপাণি বৰুৱা ৰচিত আৰু নিৰ্দেশিত 'কামোৰ' শীৰ্ষক চুটি নাট এখনিও পৰিৱেশন কৰা হয়। ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে একেলগে পৰিৱেশন কৰা বিহু নৃত্যৰে অনুষ্ঠানটোৰ সামৰণী মৰা হয়।

তেজপুৰত গোমচেং ২০১৯

ABOUT THE AUTHOR

...view details