তেজপুৰ, ২০ ডিচেম্বৰ :১৯৬২ চনত চীনে(Indo-China war 1962) বিশ্বাসঘাটকতা কৰি ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল আৰু চীনৰ এই বিশ্বাসঘাটকতাৰ বাবেই ভাৰতৰ ভূ-খণ্ড আৰু সীমান্তৰ লোকসকলক নিৰাপত্তা দিয়াৰ উদ্দেশ্যেই সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ জন্ম হয় ৷ ভাৰত-চীন যুদ্ধৰ পৰৱৰ্তী পৰ্যায়ত তেজপুৰত জন্ম লাভ কৰা সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ ৫৮সংখ্যক প্ৰতিষ্ঠা দিৱস(Sashastra Seema Bal Foundation Day) সোমবাৰে শালনীবাৰী এছ এছ বিৰ প্ৰশিক্ষণ শিবিৰত আয়োজন কৰা হয় ৷
সশস্ত্ৰ সীমা বলৰ ৫৮তম প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সেনাৰ চতুৰ্থ ক’ৰৰ জি অ’ চি লেফটেনেন্ট জেনেৰেল ৰবীন খোচলাই এছ এছ বিৰ ইতিবৃত্তৰ কথা জানিবলৈ দিয়ে । শালনীবাৰী এছ এছ বিৰ প্ৰশিক্ষণ শিবিৰত জোৱানসকলৰ মাৰ্চপাষ্টৰ অভিবাদন গ্ৰহণ কৰি সেনাৰ চতুৰ্থ ক’ৰৰ জি অ’ চিগৰাকীয়ে এছ এছ বিৰ জোৱানসকলে বিগত ৫৮ বছৰে ভাৰত-ভূটান, ভাৰত-নেপাল আৰু ভাৰত-চীনৰ বিবাদমান এলেকাত নিয়োজিত হৈ ভাৰতৰ অখণ্ডতাৰ প্ৰতি অহা ভাবুকি মোকাবিলা কৰি অহাৰ কথা জানিবলৈ দিয়ে ৷
সশস্ত্ৰ সীমা বলৰ ৫৮তম প্ৰতিষ্ঠা দিৱস পেৰেড গ্ৰাউণ্ডত এছ এছ বিৰ জোৱানসকলে প্ৰদৰ্শন কৰা আনুষ্ঠানিক কুছ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰি ভাৰত চীন যুদ্ধৰ পিছত অঞ্চলটোৰ লোকসকলৰ নিৰাপত্তাৰ স্বাৰ্থত এছ এছ বি গঠন কৰাৰ কথাও তেওঁৰ সদৰি কৰে । সম্প্ৰতি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ এছ এছ বিৰ ওপৰত বৰ্তমান ভাৰত-ভূটান আৰু ভাৰত-নেপাল আৰু ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দায়িত্ব ন্যস্ত কৰাৰ কথাও চতুৰ্থ ক’ৰৰ জি অ’ চিগৰাকীয়ে ব্যক্ত কৰে ৷ এছ এছ বি প্ৰশিক্ষণ শিবিৰত জেনেৰেল খোচলাই ৫৮ বছৰত ভৰি দিয়া এই বৃহৎ বাহিনীক শলাগ লয় ।
সশস্ত্ৰ সীমা বলৰ ৫৮তম প্ৰতিষ্ঠা দিৱস এছ এছ বিৰ প্ৰতিষ্ঠা দিৱসত অংশ লৈ এছ এছ বিৰ ডি আই জি সুমিত যোশীয়ে বৰ্তমান এছ এছ বিৰ 98 হাজাৰ সৈনিকে ভাৰত-ভূটান, ভাৰত-নেপাল সীমান্তত সুৰক্ষা প্ৰদান কৰি অহাৰ কথা জানিবলৈ দিয়ে । অনুষ্ঠানত প্ৰশিক্ষার্থীসকলে বিভিন্ন সমৰ কলাৰ লগতে মাৰণাস্ত্ৰ চালনাৰ বিভিন্ন কৌশলো প্ৰদৰ্শন কৰে । বৰ্তমান প্ৰশিক্ষণৰত ৫৫০ গৰাকী পুৰুষ আৰু ৩৫০ গৰাকী মহিলা জোৱানৰ মাজৰে একাংশই চকুত কাপোৰ বান্ধি প্ৰদৰ্শন কৰা মাৰণাস্ত্ৰ কলাই সকলোকে মোহিত কৰে ৷ জোৱানসকলে ইয়াৰ উপৰি বিভিন্ন কলা-কৃতি প্ৰদৰ্শন কৰি অনুষ্ঠানত উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে ৷
লগতে পঢ়ক :অটিঙৰ গণ হত্যাৰ বাবে নিৰ্দিষ্ট কৰ্তৃপক্ষক ক্ষমা বিচৰাৰ দাবী নাগালেণ্ড বিধান সভাৰ