ৰঙাপৰা, 30 ডিচেম্বৰ :কেৱল বন্যহস্তী নহয়, এতিয়া বাঘেও আতংকৰ সৃষ্টি কৰিবলৈ লৈছে জনাঞ্চলত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বাঘৰ বাবে ৰাজ্যৰ বহু স্থানত বিপদত পৰিছে ৰাইজ ৷বৰছলাত এটা ঢেকীয়াপতীয়া বাঘক লৈ ৰাইজৰ মাজত আতংক (Royal Bengal Tiger menace in Barchala) । শোণিতপুৰ জিলাৰ তেজপুৰৰ ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলৰ লগতে কাষৰীয়া অঞ্চলত কিছুদিন পূৰ্বে এটা প্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰি থকাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বৃহস্পতিবাৰে আতংকৰ সৃষ্টি কৰে আন এটা বাঘে ৷ বাঘটোৱে এটা পশুধন হত্যা কৰি গোহালিতে অৱস্থান কৰি থাকে (Tiger killed Domestic animal in Barchala)।
নিছলামাৰী গাঁৱৰ বুধেশ্বৰী দাস নামৰ মহিলা গৰাকীৰ গোহালীত বুধবাৰে নিশাৰে পৰাই ঢেকীয়াপতীয়া বাঘটো সোমাই থকাৰ সকলোৱে সন্দেহ প্ৰকাশ কৰিছে । মহিলা গৰাকীৰ পোহনীয়া এটা গৰু নিধন কৰি বাঘটো গোহালী ঘৰটোতে সোমাই থাকে ।
নিশাৰ ভাগত খাদ্যৰ সন্ধানত ওলাই অহা উক্ত বাঘটোৱে মহিলা গৰাকীৰ গোহালিত সোমাই এটা বলধ গৰু হত্যা কৰি ভক্ষণ কৰে যদিও গোহালি ঘৰটোৰ পৰা আঁতৰি যোৱা নাছিল বাঘটো । বহু সময় ধৰি গোহালি ঘৰটোত বাঘটোৱে অৱস্থান কৰি থকাত গোহালিত থকা বাৰটাকৈ গৰু আৰু কেইবাটাও ছাগলি গোহালিতেই আৱদ্ধ হৈ ৰয় ।