শিৱসাগৰ, 14 এপ্ৰিল :তেজপুৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Tezpur) ৷ এই পথ দুৰ্ঘটনাটোত দুজন লোক থিতাতে নিহত হয় ৷ তেজপুৰ ডিপোতাত 15 নং ৰাষ্ট্ৰীয় ঘাই পথত মটৰ চাইকেল আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷
ঘটনা অনুসৰি, তেজপুৰ ডিপোতাত 15 নং ৰাষ্ট্ৰীয় ঘাই পথেৰে অহা এখন মটৰ চাইকেলখনে বিপৰীত দিশৰ পৰা অহা As 27C 6090 নম্বৰৰ এখন ট্ৰাকত খুন্দা মাৰে ৷ ফলত বাইক আৰোহী দুজনৰ থিতাতে মৃত্যু হয় (Two persons died in a road accident) ৷ নিহত যুৱক দুজনৰ নাম পিংকু বৰা আৰু মিণ্টু নাথ বুলি জানিব পৰা গৈছে ৷