ৰঙাপৰা, 16 এপ্ৰিলঃ বুধবাৰে ৰাজ্যত প্ৰচণ্ড ধুমুহাৰ মাজতে শোণিতপুৰ জিলাত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ জিলাখনৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত গোলাই চেন্টাৰৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো ৷
মিছামাৰীত পথ দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু - পথ দুৰ্ঘটনা
প্ৰচণ্ড ধুমুহাৰ মাজতে বুধবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পকী কালভাৰ্টত খুন্দা মৰাৰ ফলত নিহত হয় এগৰাকী বাইক আৰোহী ৷ নিহত ব্যক্তিজন চামচোন বসুমতাৰী বুলি জানিব পৰা গৈছে ৷
জানিব পৰা অনুসৰি,ঢেকিয়াজুলিৰ বাতাচীপুৰৰ চামচোন বসুমতাৰী নামৰ যুৱকজনে, AS-12H-5061পঞ্জীয়নভুক্ত পালছাৰ বাইকেৰে মিছামাৰীৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো ৷ গোলাই চেণ্টাৰৰ সমীপত জীয়াবাৰীত থকা পকী কালভাৰ্টটোত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে মটৰ চাইকেলখনে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় যুৱকজন ।
ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে মিছামাৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে যুৱকজনৰ মৃতদেহৰ লগতে বাইকখন জব্দ কৰি থানালৈ লৈ যায় ৷ ইতিমধ্যে যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃচুবুৰীয়া ৰাষ্ট্ৰৰ সহায়াৰ্থে সাজু কৰি ৰখা হৈছে ভাৰতীয় সেনা