তেজপুৰ, 28 অক্টোবৰ : তেজপুৰৰ ভোমোৰাগুৰিত পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা । কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি প্ৰায় ৪০ ফুট তলত পৰে এখন তেল পৰিবাহী টেংকাৰ । তেজপুৰৰ পৰা নগাওঁ দিশত গৈ থকা অইলৰ টেংকাৰখন দলঙৰ ৰেলিং ভাঙি নদীত বাগৰি পৰে । দুৰ্ঘটনাৰ ফলত চালকজন থিতাতে নিহত হোৱা বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাতো পুৱতি নিশা সংঘটিত হোৱা বুলি আৰক্ষীয়ে অনুমান কৰা হৈছে যদিও দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।
কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি 40 ফুট তলত পৰিল টেংকাৰ লগতে পঢ়ক :নিশা হ'লেই অন্ধকাৰত ডুব যায় কলিয়াভোমোৰা দলং
উল্লেখযোগ্য যে, 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ এটা মূৰতো নিশাৰ ভাগত নিয়ন লাইট নথকাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি কৈছে একাংশই । পূৰ্বে ইটিভি ভাৰতত দলংখনত পোহৰৰ ব্যৱস্থা নথকা আৰু ইয়াৰ ফলত সম্ভাব্য দুৰ্ঘটনাৰ বাতৰি সম্প্ৰচাৰ কৰা হৈছিল ৷ ইফালে শোণিতপুৰ জিলাৰ উপায়ুক্তই ৰাষ্ট্ৰীয় ঘাইপথ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰি এই বিষয়ে অৱগত কৰিছে যদিও বৰ্তমানলৈকে কোনোধৰণৰ পোহৰৰ সংযোগ নহ'ল । তাৰোপৰি দলঙৰ মাজত নাথাকে কোনো তহলদাৰী আৰক্ষীৰ দল ৷
লগতে পঢ়ক :ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ কলিয়াভোমোৰাত পোহৰ যোগানৰ নিৰ্দেশ উপায়ুক্তৰ