অসম

assam

By

Published : Jan 23, 2021, 7:12 PM IST

ETV Bharat / city

অৰুণাচল প্ৰদেশৰ টাৱাংত এইবাৰ ৰঙা চীনৰ বিৰুদ্ধে প্ৰতিবাদ

প্ৰচণ্ড শীতৰ মাজতে সকলো লোক একত্ৰিত হৈ চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিং আৰু চীনা সৈন্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰে । কিন্তু এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে শাসনত থকা কেন্দ্ৰীয় তথা অৰুণাচল প্ৰদেশৰ বিজেপি দলৰ নেতৃত্বত সাধাৰণ জনতাই ।

অৰুণাচল প্ৰদেশৰ টাৱাংত এইবাৰ ৰঙা চীনৰ বিৰুদ্ধে প্ৰতিবাদ
অৰুণাচল প্ৰদেশৰ টাৱাংত এইবাৰ ৰঙা চীনৰ বিৰুদ্ধে প্ৰতিবাদ

তেজপুৰ, 23 জানুৱাৰী : এইবাৰ ৰঙা চীনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত । শনিবাৰে টাৱাংত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি টাৱাং চহৰৰ পুৰণা বজাৰত একত্ৰিত হ’ল স্থানীয় ৰাইজ ।

প্ৰচণ্ড শীতৰ মাজতে সকলো লোক একত্ৰিত হৈ চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিং আৰু চীনা সৈন্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰে । কিন্তু এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে শাসনত থকা কেন্দ্ৰীয় তথা অৰুণাচল প্ৰদেশৰ বিজেপি দলৰ নেতৃত্বত সাধাৰণ জনতাই ।

বেনাৰ দেখুৱাই চীনৰ বিৰুদ্ধে প্ৰতিবাদ ভাৰতীয় নাগৰিকৰ

লগতে পঢ়ক :অৰুণাচলত চীনৰ আন্তঃগাঁথনি ভিত্তিহীন আখ্যা প্ৰতিৰক্ষা বিভাগৰ

তেওঁলোকৰ মতে চীনে অৰুণাচল প্ৰদেশৰ প্রতিটো অঞ্চলত বিশেষকৈ টাৱাংত তেওঁলোকৰ দখলত থকা বুলি কৈ এফালৰ পৰা আগ্ৰাসন কৰাৰ চেষ্টা চলাইছে । কিন্তু অৰুণাচল প্ৰদেশ আৰু ইয়াৰ বাসিন্দা পূৰ্বতেও ভাৰতৰ অংগ এতিয়াও আৰু ভৱিষ্যতেও ভাৰতৰে অংগ হৈ থাকিব বুলি মন্তব্য কৰে । তেওঁলোকে পুনৰ কয় যে সীমান্তত যি নিৰ্মান কাৰ্য্য সাধনৰ যোগেদি স্থাপন কৰা গাও উঠাবলৈ আহ্বান জনাইছে ।

অৰুণাচল প্ৰদেশৰ টাৱাংত এইবাৰ ৰঙা চীনৰ বিৰুদ্ধে প্ৰতিবাদ

ৰঙা চীনে শেহতীয়া কৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত উজনি সোৱণশিৰীৰ জিলাত পুনৰ অবৈধভাৱে দখল কৰি লেন্সি নদীৰ পাৰত নতুন জলবিদ্যুৎ প্ৰকল্প আৰু গাঁও নিৰ্মাণ কৰাৰ বিষয়ে বৈদেশিক মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডে নস্যাৎ কৰাৰ পিছতে অৰুণাচল প্ৰদেশৰ উজনিৰ সোৱণশিৰী জিলাত তাগিন যুৱ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

বেনাৰ দেখুৱাই চীনৰ বিৰুদ্ধে প্ৰতিবাদ ভাৰতীয় নাগৰিকৰ

যোৱা 19 জানুৱাৰীত ইটিভি ভাৰতৰ লগত হোৱা এক সুকীয়া সাক্ষাৎকাৰত পাণ্ডে কয় যে চীনা সৈন্যই ভাৰতৰ ভূমি অধিগ্ৰহণ কৰি গাঁও স্থাপন কৰা বিষয়টো সম্পূৰ্ণ মিছা আৰু ভিত্তি হীন । এনেধৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাই । যি গাঁও নিৰ্মাণৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে সেয়া চীনৰ নিজৰ সীমাৰ ভিতৰত প্ৰস্তুত কৰিছে । তেওঁ পুনৰ কয় যে ইতিমধ্যে এটা কথা স্পষ্টকৈ চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে চীনে তেওঁলোকৰ সীমাত এখন গাঁও প্ৰস্তুত কৰিছে আৰু উক্ত স্থানত পৰ্যটনৰ ব্যৱস্থা কৰিছে ।

বেনাৰ দেখুৱাই চীনৰ বিৰুদ্ধে প্ৰতিবাদ ভাৰতীয় নাগৰিকৰ

লগতে পঢ়ক :অৰুণাচলৰ উজনি সোৱণশিৰিৰ পিচত এইবাৰ টাৱাঙত চীনৰ বিৰুদ্ধে প্ৰতিবাদ

কিন্তু এই কথা মানি লোৱা নাই অৰুণাচল প্ৰদেশৰ বাসিন্দাসকলে ৷ উজনি সোৱণশিৰী জিলাৰ ডিবাং ভেলিৰ বিভিন্ন ঠাইত চীনা ৰাষ্ট্ৰপতি ঝী জিনপিংৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে সীমান্ত অতিক্ৰম কৰি অৰুণাচল প্ৰদেশৰ ভিতৰত 101 টা পকা ঘৰ নিৰ্মাণ কৰি এখন গাঁও স্থাপন কৰা বিষয়টো সহজভাবে ল’ব পৰা নাই অৰুণাচল প্ৰদেশৰ লোকে ।

আনহাতে বিগত সোমবাৰে পূব অৰুণাচল প্ৰদেশৰ বিজেপিৰ সাংসদ তাপীৰ গাৱয়ে ইটিভি ভাৰতক জনাইছিল যে এইয়া কোনো নতুন কথা নহয় ৷ 1984 চনৰ পৰা একাদিক্ৰমে অধিগ্ৰহণ কৰি বৰ্তমান অৰুণাচল প্ৰদেশৰ ভূমিত নিৰ্মাণ কাৰ্য্য সাধন কৰিছে চীনে ।

তেওঁ জনাইছিল যে উজনি সোৱণশিৰী জিলাৰ বিসা নামৰ ঠাইত লেন্সি নদীৰ পাৰত নিৰ্মাণ কৰিছে জল বিদ্যুৎ উৎপাদন প্ৰকল্প আৰু সমান্তৰালভাৱে নিৰ্মান কৰিলে ঘাইপথ । ইয়াৰ পূৰ্বে চীনে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত বুমলা পাছৰ সমীপত কেবাটাও ঘৰৰ সৈতে এখন গাঁও স্থাপন কৰাৰ তথা পোহৰলৈ আহিছে । তাৰ পিছতে সমান্তৰালভাৱে চীনে অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত ভাৰতীয় সীমা অতিক্ৰম কৰি পথ নিৰ্মাণ, গাঁও স্থাপন আৰু শেহতীয়া কৈ জল বিদ্যুৎ উৎপাদন প্ৰকল্পৰ নিৰ্মাণৰ কথা সদৰী কৰে সাংসদ তাপীৰ গাৱেৱে । তেওঁ কয় যে এই পথ নিৰ্মাণ কৰা পুৰণি মজা নামৰ ঠাইখন ভাৰতীয় সেনাৰ দখলত আছিল যদিও বৰ্তমান চীনা সেনাৰ অধীনত বুলি তেওঁ জানিবলৈ দিয়ে ।

আনহাতে পাণ্ডেয়ে জনায় যে 1959 চনত বনোৱা লাইন অব এক চুৱেল কংট্ৰল (LAC) বৰ্তমান "মেক মোহন লাইন"ৰ, সিপাৰে চীনে তেওঁলোকৰ নিৰ্মাণকাৰ্য বনাইছে আৰু এই খবৰ সম্পূৰ্ণ ভিত্তিহীন বুলি জানিব দিয়ে ।

লগতে পঢ়ক :অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন

ABOUT THE AUTHOR

...view details