তেজপুৰ, 13 অক্টোবৰ : কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দোহাই দি খিলঞ্জীয়া মিচিং জনগোষ্ঠীয় লোকক 15 দিনৰ ভিতৰত ঘৰ-বাৰী এৰি যাবলৈ প্ৰশাসনৰ সময়সীমা বান্ধি দিয়াৰ লগে লগে এতিয়া ক্ষোভৰ জুই জ্বলিছে গহপুৰৰ দক্ষিণাঞ্চলত । এই সন্দৰ্ভত অনুষ্ঠিত সংবাদমেলত কেইবাটাও জাতীয় সংগঠনে দাবী কৰে যে, যুগ যুগ ধৰি বসবাস কৰি অহা মিচিং সম্পদায়ৰ লোকসকলক চৰকাৰে উচ্ছেদ কৰিবলৈ ওলোৱাৰ বিপৰীতে পুনঃসংস্থাপনৰ কোনো পৰিকল্পনা নাই । অসম চৰকাৰে শীঘ্ৰে ইয়াৰ উচিত মীমাংসা নকৰিলে অনাগত বিধানসভা নিৰ্বাচনত কোনো কাৰণতে কোনো ৰাজনৈতিক দলক মিচিং অধ্যুষিত অঞ্চলত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে মিচিং জাতীয় সংগঠন কেইটাই । লগতে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়ে ।
ভূমিপুত্ৰৰ মাটি ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাখনৰ দিনতেই গহপুৰৰ 15 খন ৰাজহ গাঁৱৰ শ শ লোকক মাটি-ভেটি এৰি যাবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিয়া ঘটনাৰ পাছতেই 12 অক্টোবৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল গহপুৰৰ বৰতামুলী অঞ্চলত ।