অসম

assam

ETV Bharat / city

Precautionary dose of covid 19 : শোণিতপুৰত আৰম্ভ কোভিড-১৯ৰ তৃতীয়টো সুৰক্ষা পালি - Health minister Keshab Mahanta launched the precautionary dose of Covid 19

সাৱধান ! এতিয়াৰে পৰা ক'ভিড ভেকচিন নোলোৱা সকলক কৰ্মস্থলীত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা ন'হব ৷ লগতে প্ৰদান কৰা নহ'ব দৰমহাও ৷ সোমবাৰে যোৰহাটত উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কথা সদৰি কৰে ৷ লগতে সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে ক'ভিডৰ তৃতীয় পালি দিয়াৰ ব্যৱস্থা (Assam approves 3rd Covid vaccine dose) ৷

health-minister-keshab-mahanta-begun-the-process-of-3rd-covid-vaccine-dose-at-jorhat
শোণিতপুৰত আৰম্ভ কোভিড-১৯ৰ তৃতীয়টো সুৰক্ষা পালি

By

Published : Jan 10, 2022, 2:27 PM IST

তেজপুৰ, 10 জানুৱাৰী : "ন'মাক্স, ন' এন্টি" (No Mask, No entry) ৷ এতিয়াৰে পৰা ক'ভিড ভেকচিন গ্ৰহণ নকৰা চৰকাৰী কৰ্মচাৰীসকলে আহিব নোৱাৰিব কৰ্মস্থলীলৈ ৷ লগতে এইসকল কৰ্মচাৰীক দৰমহাও প্ৰদান কৰা নহ'ব ৷ যাৰ ফলত ঘৰতে বহি থাকিব লাগিব বুলি সোমবাৰে যোৰহাটত উপস্থিত থাকি এই মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷

সমগ্ৰ বিশ্বতে ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । অ'মিক্ৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত ইতিমধ্যে বুষ্টাৰ ড'জৰ ঘোষণা কৰিছে চৰকাৰে । সমান্তৰালকৈ ৰাজ্যত ক’ভিড-19এ পুনৰ মূৰ দাঙি উঠাৰ লগতে নতুন ৰূপত শক্তিশালী হৈ অ’মিক্ৰণ নামৰে দেশত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ যাৰ ফলত সমগ্ৰ ৰাজ্যতে আজি অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হৈছে ক'ভিডৰ তৃতীয় পালি দিয়াৰ ব্যৱস্থা ( Precautionary dose of covid 19)।

শোণিতপুৰত আৰম্ভ কোভিড-১৯ৰ তৃতীয়টো সুৰক্ষা পালি

অ'মিক্ৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ । সমান্তৰালভাৱে সোমবাৰে যোৰহাটতো আৰম্ভ হ'ল ক'ভিডৰ তৃতীয় পালি ভেকচিন প্ৰদান প্ৰক্ৰিয়া (Jorhat approves 3rd Covid vaccine dose) ৷ সোমবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক'ভিডৰ তৃতীয় পালি ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰে (Health minister Keshab Mahanta launched the precautionary dose of Covid 19 in JMCH) ৷

এই কাৰ্যসূচীত উপস্থিত থাকি ফ্ৰন্ট লাইন যুদ্ধা হিচাপে কৰ্মৰত সাংবাদিক সকলকো সুৰক্ষা মুলক কভিডৰ তৃতীয় পালি ভেকচিন প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে স্বাস্থমন্ত্ৰীগৰাকীয়ে (Minister Keshab Mahanta at Jorhat) ৷

লগতে মেট্ৰিক, ছেকেণ্ডাৰীৰ শিক্ষকসকলকো প্ৰদান কৰা হ'ব এই ভেকচিন ৷ ইফালে দুটা ভেকচিন গ্ৰহণ কৰা প্ৰমাণপত্ৰলৈহে বিভিন্ন অনুষ্ঠিত প্ৰতিষ্ঠানত প্ৰৱেশ কৰিব পাৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় ৷

লগতে পঢ়ক :Manoranjan talukdar on CM: মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা সৰভোগৰ বিধায়কৰ

ইয়াৰোপৰি সোমবাৰৰ পৰা শোণিতপুৰ জিলাতো আৰম্ভ হৈছে ক'ভিডৰ তৃতীয় পালি ভেকচিন প্ৰদান প্ৰক্ৰিয়া ৷ তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত হোৱা এই কাৰ্যসূচীত জিলাখনৰ স্বাস্থ্য কৰ্মী তথা চিকিৎসকসকলে গ্ৰহণ কৰিছে ক'ভিডৰ তৃতীয় পালি ভেকচিন ৷

জিলাখনত মুঠ 7 টা স্থানত সোমবাৰ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৷ লগতে 60 বছৰৰ উৰ্ধৰ প্ৰায় 16,000 গৰাকী লোকে এই প্ৰতিষেধক গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷

ইতিমধ্যে জিলাখনত বৰ্তমানলৈ মুঠ 15,42,160 গৰাকী লোকে ক'ভিড ভেকচিন গ্ৰহণ কৰিছে ৷ আনহাতে, বিগত সপ্তাহত জিলাখনত প্ৰায় 187 জন লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে ৷ লগতে এজনৰ মৃত্যু হৈছে ৷ লগতে বিগত 24 ঘন্টাত জিলাখনত প্ৰায় 73 জন লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰ মাজতে 36 জন লোকে আৰোগ্য লাভ কৰিছে ৷

লগতে পঢ়ক :Omicron varient in India : ভাৰতত দিনে 13.29 শতাংশ হাৰত বৃদ্ধি ক'ভিডত আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

...view details