তেজপুৰ/চিটাৰা ডেস্ক, 24 মাৰ্চ:অসমীয়া চলচ্চিত্ৰপ্ৰেমী দৰ্শকলৈ সুখবৰ ৷ ৰণ শীৰ্ষক এখন নতুন অসমীয়া বোলছবি ছবিয়ে শীঘ্ৰেই মুক্তি লাভ কৰিব (Upcoming Assamese film) ৷ ইতিমধ্যেই ছবিখনৰ পোষ্টাৰ মুকলি হৈছে তেজপুৰ চহৰত ৷ প্ৰায় পাঁচ বছৰ ধৰি এই প্ৰজেক্টটোৰ ওপৰত কাম কৰি আছিল নিৰ্মাতাই ৷
অসমীয়া সমাজব্যৱস্থাক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ‘ৰণ’ শীৰ্ষক ছবিখন ৷ সমাজৰ সংবেদনশীল বিষয়সমূহক সামৰি নিৰ্মাণ কৰা ছবিখনক লৈ যথেষ্ট আগ্ৰহী নিৰ্মাতাসকল (Assamese film on sensitive issues of society) ৷ ছবিখনত দৰ্শকে বিভিন্ন ৰঙৰ সমাহাৰ ঘটা দেখিবলৈ পাব বুলি আশাবাদী ছবিখনৰ লগত জড়িত কৰ্মকৰ্তাসকল ৷
অন্ধবিশ্বাস, নিবনুৱা সমস্যা আৰু উগ্ৰপন্থীৰ সমস্যা আদিৰ উপস্থাপনেৰে নিৰ্মাণ হোৱা পূৰ্ণাংগ অসমীয়া ছবিখনৰ পোষ্টাৰ মুকলি কৰা হয় বৃহস্পতিবাৰে (Ron film poster) ৷ তেজপুৰত মুকলি কৰা হ’ল ৰণৰ পোষ্টাৰ ৷ শোণিতপুৰ জিলাৰ হৰগৌৰী প্ৰডাকচনৰ ই এটা পাঁচবছৰীয়া প্ৰকল্প ৷
ক’ভিড-19ৰ পয়োভৰ কম হোৱাৰ সময়তে হৰগৌৰী প্ৰডাকচনে সম্পূৰ্ণ কৰি তুলিলে ছবিখনৰ কাম ৷ অসমীয়া বোলছবি জগতৰ অন্যতম অভিনেতা ব্ৰজেন বৰুৱাৰ বলিষ্ঠ অভিনয় দৰ্শকে উপভোগ কৰিবলৈ পাব এই ছবিখনত ৷ 24 মাৰ্চত সাংস্কৃতিক নগৰী তেজপুৰত হৰগৌৰী প্ৰডাকচনৰ পাঁচ বছৰীয়া পৰিক্ৰমাৰ ফচল ৰঙীন কথাছবি ‘ৰণ’ ৰ পোষ্টাৰ মুকলি কৰে অসমৰ কথাছবি জগতৰ অন্যতম অভিনেতা অৰুণ নাথে ।