নিউজ ডেস্ক, 21 জানুৱাৰী :অসম তথা ভাৰতৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ 18 সংখ্যক সমাৱৰ্তন 22 জানুৱাৰীত অনুষ্ঠিত হ’ব ৷ কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমবাৰৰ বাবে এইবাৰ ভাৰ্চুৱেলি অনুষ্ঠিত হ’ব সমাৱৰ্তন অনুষ্ঠান য’ত 1218 গৰাকী শিক্ষাৰ্থীক তেওঁলোকৰ সন্মানীয় ডিগ্ৰীসমূহ প্ৰদান কৰা হ’ব ৷
আনহাতে বিশ্ববিদ্যালয়খনৰ এই সমাৱৰ্তন অনুষ্ঠানত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে ৷ ইয়াৰ উপৰিও সমাৱৰ্তনত উপস্থিত থাকিব ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷