অসম

assam

ETV Bharat / city

ভূমিস্খলনত ধ্বংস অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ ১৩ নং ৰাষ্ট্ৰীয় ঘাই পথ

অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ সমীপৰ চিৰকী (Sirki) নামৰ ঠাই ডোখৰত 13 নং ৰাষ্ট্ৰীয় ঘাই পথছোৱা ভূমিস্খলনৰ ফলত তললৈ সোমাই পৰে । যি দৃশ্য বন্দী হ’ল স্থানীয় একাংশ লোকৰ মোবাইলত ৷ এই বিশেষ ঘটনাটো সংঘটিত হৈছে শুকুৰবাৰে বিয়লি প্ৰায় 4 বজাত ।

Landslide
চকুৰ প্ৰচাৰতে নিশ্চিহ্ন হৈ পৰিল এটা ৰাষ্ট্ৰীয় ঘাইপথ

By

Published : Aug 13, 2021, 8:48 PM IST

তেজপুৰ, ১৩আগষ্ট :এক শিহৰণকাৰী দৃশ্য ৷ যি দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব ৷ চকুৰ প্ৰচাৰতে প্ৰায় 500 কিলোমিটাৰতকৈ অধিক ৰাষ্ট্ৰীয় ঘাইপথ নিশ্চিহ্ন হৈ পৰিছে ৷ কথমপি প্ৰাণ ৰক্ষা পৰিছে বহু লোকৰ ৷ এই বিশেষ ঘটনাটো সংঘটিত হৈছে অৰুণাচল প্ৰদেশত ৷

ঘটনা অনুসৰি অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ চিৰকী (Sirki) নামৰ ঠাই ডোখৰত 13 নং ৰাষ্ট্ৰীয় ঘাই পথৰ এছোৱা ভূমিস্খলনৰ ফলত তললৈ সোমাই পৰে । যি দৃশ্য বন্দী হ’ল স্থানীয় একাংশ লোকৰ মোবাইলত ৷ এই বিশেষ ঘটনাটো সংঘটিত হৈছে শুকুৰবাৰে বিয়লি প্ৰায় 4 বজাত ।

চকুৰ প্ৰচাৰতে নিশ্চিহ্ন হৈ পৰিল এটা ৰাষ্ট্ৰীয় ঘাইপথ

সম্প্ৰতি পূব চিয়াং জিলাৰ পাছিঘাটৰ পৰা পাংগিং পথৰ এই চিৰকী নামৰ ঠাইত ভূমিস্খলন হোৱাৰ ফলত এতিয়া যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে পাছিঘাট আৰু ৰেগ্গিং (Regging) অঞ্চলৰ মাজত । আনহাতে পাছিঘাটৰ পৰা চিয়াং, উজনি চিয়াং, পশ্চিম চিয়াং, সি-য়মী, এই চাৰিখন জিলাৰ মাজত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে ।

চকুৰ প্ৰচাৰতে নিশ্চিহ্ন হৈ পৰিল এটা ৰাষ্ট্ৰীয় ঘাইপথ

জানিব পৰা মতে, ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰৰ হেলনীয়া ভাগ ক্ৰমান্বয়ে খহিবলৈ আৰম্ভ কৰিছিল ৷ যাৰ ফলস্বৰূপে শুকুৰবাৰে পাহাৰৰ নামনিত থকা অংশ সম্পূৰ্ণ খহি পৰাত ৰাষ্ট্ৰীয় ঘাই পথটো সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰা বুলি জানিব পৰা গৈছে ৷ আনহাতে পাছিঘাট পাংগিং পথৰ যোগাযোগ বিচ্ছিন্ন হোৱা বুলি স্থানীয় প্ৰশাসনে ঘোষণা কৰিছে ৷

লগতে পঢ়কঃ নগাঁও আৰক্ষীৰ জালত কুখ্যাত ডকাইত মফিজুল

ABOUT THE AUTHOR

...view details