অসম

assam

By

Published : Aug 20, 2022, 8:41 AM IST

ETV Bharat / city

টকাৰ বাবে পাষাণ পিতৃ মাতৃয়ে বিক্ৰী কৰিলে নৱজাতকক

টকাৰ বাবে পাষাণ পিতৃ মাতৃয়ে চিকিৎসালয়ৰ পৰাই বিক্ৰী কৰিলে নৱজাতক সন্তানক(newborn child sold by parents) ৷ ক্ৰেতা,পূজাৰীসহ গ্ৰেপ্তাৰ তিনি ।

The parents sold their newborn child for money
টকাৰ বাবে পাষাণ পিতৃ মাতৃয়ে বিক্ৰী কৰিলে নৱজাতকক সন্তানক

গহপুৰ ১৯ আগষ্ট: শিশু সৰবৰাহকাৰীৰ ৰূপত এগৰাকী পূজাৰী(Priest as a child trafficker) ৷ শিশু কিনিবলৈ আহি ৰঙাঘৰৰ আলহী হ'ল লখিমপুৰ ৰাম মন্দিৰৰ এজন পূজাৰী ৷ জানিব পৰা মতে, ১১ আগষ্টত গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত এটি কন্যা সন্তান জন্ম দিছিল লাকী গোড় নামৰ মহিলাগৰাকীয়ে । কিন্ত লাকী গোড়, তেওঁৰ স্বামী আৰু চুবুৰীয়া আন এগৰাকী মহিলাই মিলি নৱজাতক শিশুটিক লখিমপুৰৰ লিলাবাৰীস্থিত এটা মন্দিৰৰ পূজাৰীক 6 হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰি দিয়ে ।

টকাৰ বাবে পাষাণ পিতৃ মাতৃয়ে বিক্ৰী কৰিলে নৱজাতকক

ইপিনে চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈ গাঁৱত সন্তানটো মৃত বুলি কয় যদিও গাৱঁৰ ৰাইজে এই কথা মানি লবলৈ অস্বীকাৰ কৰে আৰু ভিমলাল গোড়ে তেওঁৰ পুত্ৰ চুৰেন গোড় আৰু বোৱাৰী লাকী গোড়ৰ বিৰুদ্ধে গহপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷

ইয়াৰ পিছতেই আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি সন্তানটোক লখিমপুৰৰ লীলাবাৰীৰ কৃষ্ণ প্ৰসাদ উপাধ্যায় নামৰ পূজাৰীজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰাৰ পিছতে ঘটনাটোৰ সৈতে জড়িত থকাৰ অপৰাধত পিতৃ চুৰেন গোড়, মধ্যস্থতাকাৰী মহিলা তুপনি গোৱলা আৰু পূজাৰী কৃষ্ণ প্ৰসাদ উপাধ্যায়ক গ্ৰেপ্তাৰ কৰে(Three arrested including priest) । কেৱল কেইটামান টকাৰ বিনিময়ত নৱজাতকক পিতৃ-মাতৃয়ে বিক্ৰী কৰা ঘটনাই অঞ্চলজুৰি সূষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ আনহাতে, চিকিৎসালয়ৰ পৰা নৱজাতক কিদৰে বিক্ৰী হ'বলৈ পালে সেই সন্দৰ্ভতো আৰম্ভ কৰিছে আৰক্ষীয়ে তদন্ত । উল্লেখ্য যে, গহপুৰ মহকুমা চিকিৎসালয়ৰ পৰা নৱজাতক বিক্ৰী হোৱা ঘটনা সংঘটিত হোৱাৰ অভিযোগ সময়ে-সময়ে উত্থাপন হৈ আহিছে ।


নিৰ্দয় পিতৃ-মাতৃৰ জঘন্য কাণ্ড : বিক্ৰী কৰিলে নিজ যমজ সন্তান

ABOUT THE AUTHOR

...view details