তেজপুৰ, ২২ এপ্ৰিল :অসম সাহিত্য সভাৰ লগতে তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী সভাপতি তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ৭৬ সংখ্যক স্মৃতিদিৱস(Padmanath Gohain Baruah's 76th Smriti Divas celebrated at Tezpur) বৃহস্পতিবাৰে তেজপুৰত পালন কৰা হয় ৷ তেজপুৰ সাহিত্য সভা আৰু বান থিয়েটাৰৰ উদ্যোগত সাহিত্যিকগৰাকীৰ সাধনাৰ থলি তেজপুৰত তেখেতৰ 76 সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হয়(Smriti Divas celebrated at Tezpur) ৷
তেজপুৰ চহৰৰ মাজমজিয়াত থকা গোহাঞিবৰুৱাৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো মুকলি কৰে সাহিত্যিকগৰাকীৰ পুত্ৰবধু পৰী গোহাঞিবৰুৱা আৰু নাতিনী মৃণালী চেতিয়াই৷ অনুষ্ঠানত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই অংশলৈ পদ্মনাথ গোহাঞিবৰুৱাৰ সাহিত্যৰাজীৰ ওপৰত আলোকপাত কৰে ৷