তেজপুৰ, 2 ছেপ্টেম্বৰ :ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় পঞ্চাশ শতাংশ অঞ্চল সম্প্ৰতি ভদিয়া বানে বুৰাই পেলাইছে ৷ উদ্যানখনৰ দক্ষিনে ব্ৰহ্মপুত্ৰ নৈ আৰু পশ্চিমে ধনশিৰি নৈৰ বাঢ়নি পানীয়ে উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাত জীৱ-জন্তুৰ প্ৰাণৰ প্ৰতি ভাবুকি নামি আহিছে ৷ অৱশ্যে, ইতিমধ্যে বহু জীৱ-জন্তুৱে ওখ তথা নিৰাপদ স্থানত আশ্ৰয় লৈছে ৷ প্ৰৱল বানপানীৰ এনে পৰিস্থিতিৰ মাজতো হাত নাঁৱেৰে, পানীত খোজকাঢ়ি বনকৰ্মীসকলে অতি কষ্টেৰে উদ্যানখনত পহৰা দি আছে ৷
শেহতীয়াকৈ, উদ্যানখনৰ বেলশিৰি কেম্প অধিক জলমগ্ন হৈ পৰিছে ৷ এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো উদ্যানখনৰ বনকৰ্মীসকলে এশিঙীয়া গঁড়কে ধৰি অন্যান্য জীৱজন্তু সমূহ চোৰাংচিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ অতি নিষ্ঠাৰে কৰ্তব্য পালন কৰি আহিছে ৷ আনহাতে, বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যান খনৰ মুঠ ২২৩ টা বন শিবিৰৰ ভিতৰত ১০৮ টা বন শিবিৰ সম্পূৰ্ণ জলমগ্ন অৱস্থা আছে ।
ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰত বৰ্তমানলৈকে মুঠ ১৩ টা জীৱ জন্তুৰ বানৰ কৱলত পৰি মৃত্যু ঘটিছে, ইয়াৰোপৰি কিছু জন্তু উদ্ধাৰ কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত আছে বুলি বন বিভাগে জানিব দিছে ৷