তেজপুৰ, ১৫ আগষ্ট: স্বাধীনতা দিৱসৰ দিনটোতে বনভোজ খাবলৈ গৈ তেজপুৰৰ এজন ছাত্ৰৰ সলিল সমাধি ৷ তিনি চাৰিজন বন্ধুৰ লগত বনভোজ খাবলৈ ৰুদ্ৰপদলৈ গৈছিল লালমাটি ২নং ৱাৰ্ডৰ নিৱাসী বিতোপন দাস ৷ কিন্তু ৰহস্যজনকভাৱে বিতোপন পানীত পৰাৰ লগে লগেই বন্ধু কেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ অভিযোগ উঠিছে ।
বনভোজ খাবলৈ গৈ সলিল সমাধি ঘটিল এজন ছাত্ৰৰ - তেজপুৰ
বনভোজ খাবলৈ ৰুদ্ৰপদলৈ গৈ ৰহস্যজনক মৃত্যুক সাৱতিলে বিতোপন দাস নামৰ এজন ছাত্ৰই
![বনভোজ খাবলৈ গৈ সলিল সমাধি ঘটিল এজন ছাত্ৰৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4147200-thumbnail-3x2-i.jpg)
বনভোজ খাবলৈ গৈ সলিল সমাধি ঘটিল এজন ছাত্ৰৰ
ঘটনাস্থলীৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত বিতোপনৰ চেণ্ডেল, মোবাইল আদি উদ্ধাৰ হোৱাৰ লগতে আন বন্ধু কেইজনৰ চেণ্ডেল, বাচন বৰ্তন আদি উদ্ধাৰ হৈছে। বিতোপন উটি যোৱাৰ দৃশ্য বনভোজ খাবলৈ যোৱা আন একাংশই প্ৰত্যক্ষ কৰি হুলস্থুল কৰে আৰু নদী আৰক্ষীক খবৰ দিয়ে। নদী আৰক্ষী আৰু এছ, ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও উদ্ধাৰ হোৱা নাই যুৱকজনৰ মৃতদেহ ৷