তেজপুৰ, ১৬ মে' : অৰুনাচল প্ৰদেশৰ লংডিং ৰুৰমাও গাঁৱত সেনাৰ গুলীচালনা ৷ লংডিঙত এখন সভাত অংশগ্ৰহন কৰা এজন লোকক সেনাই প্ৰহাৰ কৰাৰ পাছতে ৰাইজে শিলাবৰ্ষণ কৰাত সেনাই গুলীচালনা কৰে ৷
অৰুনাচলৰ লংডিঙত সেনাৰ গুলিত নিহত এজন - নিহত এজন
অৰুনাচল প্ৰদেশৰ লংডিং ৰুৰমাও গাঁৱত সেনাৰ গুলীচালনা ৷ নিহত এজন ৷ নিহত লোকজনৰ নাম লামডান লোকহাম ৷

অৰুনাচলৰ লংডিঙত সেনাৰ গুলিত নিহত এজন
ঘটনাৰ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোক ৷ নিহত লোকজন ৬০ বছৰীয়া লামডান লোকহাম বুলি চিনাক্ত কৰা হৈছে ৷