ৰঙাপৰা, 13 জুন :শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ বিষ্ণুপুৰৰ যুৱকৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰ'ণা ভাইৰাছ ৷ 7 দিন পূৰ্বে মুম্বাইৰ পৰা আহিছিল মেদিনী মোহন ৰাভা নামৰ যুৱকজন ৷ তেজপুৰৰ হোটেল FERNত কোৱাৰেন্টাইন হৈ আছিল যুৱকজন ।
লগতে পঢ়কঃবাঘজানৰ ঘটনা সন্দৰ্ভত অইলৰ জনসম্পৰ্কৰক্ষী বিষয়া ত্ৰিদিপ হাজৰিকাৰ সৈতে আচুতীয়া সাক্ষাৎকাৰ
কিন্তু কোভিড নিগেটিভ ঘোষণা কৰাৰ পিছত আজি শনিবাৰে হোটেল কোৱাৰেন্টাইনৰ পৰা ৰঙাপৰাৰ ঘৰলৈ হোম কোৱাৰেন্টাইনৰ বাবে স্বাস্থ্য বিভাগে AS12-AC-9104 নম্বৰৰ বাছযোগে প্ৰেৰণ কৰে যৱকজনক । বহিঃৰাজ্যৰ পৰা আহি তেজপুৰত আনুষ্ঠানিক কোৱাৰেন্টাইনত থকাৰ সময়ত স্বাস্থ্য বিভাগে কোভিড নিগেটিভ ঘোষণা কৰা মেদিনী মোহন ৰাভা লগতে 6গৰাকী মহিলাসহ 26গৰাকী লোকক তেজপুৰৰ পৰা হোম কোৱাৰেন্টাইনৰ বাবে ৰঙাপৰালৈ নিয়াৰ পথত ফুলবাৰী পোৱাৰ সময়ত মেদিনী মোহন ৰাভাৰ শৰীৰত কোভিড পজিটিভ চিনাক্ত হোৱাৰ খবৰ পোৱাৰ পাছতে স্বাস্থ্য বিভাগত হুৱাদুৱা লাগে ।
ৰঙাপৰাত ধৰা পৰিল আন এজন কোভিড-19 পজিটিভ পাছত স্বাস্থ্য বিভাগে বাছখন ৰঙাপৰা মহাবিদ্যালয়ৰ কোৱাৰেইন্টান চেন্টাৰত ৰখাই বাছখনত থকা আন 25জন লোকক লগে লগে ৰঙাপৰা মহাবিদ্যালয়ত কোৱাৰেইন্টানৰ ব্যৱস্থা কৰাৰ লগতে কোভিড পজিটিভ মেদিনী মোহন ৰাভাক 108 এম্বুলেন্সৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ বৰ্তমানলৈ ৰঙাপৰাত কৰ’ণা পজিটিভৰ সংখ্যা দুজনলৈ বৃদ্ধি পায় ৷
লগতে পঢ়কঃবাঘজানত উপস্থিত হ'বলৈ সময় নাই মুখ্যমন্ত্ৰীৰ, লুৰিণৰ প্ৰতিক্ৰিয়া