তেজপুৰ, 29 অক্টোবৰ :অসমৰ সকলো জনগোষ্ঠীৰ মাজত বিভাজন আনিছে বিজেপিয়ে ৷ এই মন্তব্য কৰে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই ৷ বৃহস্পতিবাৰে তেজপুৰত কংগ্ৰেছৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে নুৰুল হুদাই ৷ তেওঁ কয় যে, মিঞা মিউজিয়াম শব্দটো বিধায়িনী দলৰ সভাত আৰু শ্বেৰমান আলি আহমেদৰ পত্ৰত উল্লেখ নাছিল । শ্বেৰমান আলিৰ মন্তব্য একান্তই ব্যক্তিগত আৰু কংগ্ৰেছৰ দলীয় মন্তব্য নহয় বুলি কয় নুৰুল হুদাই ৷
হুদাই কয় যে, বৰ্তমান বিজেপিৰ হাতত কোনো নতুন ইছ্যু নাই সেইবাবেই এই বিষয়টোত গুৰুত্ব দিয়া হৈছে । আৰক্ষীৰ উপ পৰিদৰ্শকৰ কেলেংকাৰীৰ তদন্তৰ পৰা ফালৰি কাটি এই ধৰণৰ বিভ্ৰান্তিমূলক প্ৰচাৰ জনসাধাৰণৰ মাজত বিয়পাইছে বিজেপিয়ে । আৰক্ষী কেলেংকাৰীত আৰু ৰৌ-বৰালি জালত পৰাৰ ভয়ত এই ধৰণৰ ইচ্ছুৰে সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰে হুদাই ৷