তেজপুৰ,১৯ আগষ্টঃ ৰাজ্যৰ যাতায়ত ব্যৱস্থাত সংযোজন হ’ল নতুন ৰে’ল সেৱাৰ ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাইজৰ বাবে আহিল এক সুখবৰ ৷ বহু জল্পনা কল্পনাৰ অন্তত উদ্বোধন কৰা হ’ল তেজপুৰ ডেকাৰগাঁও ষ্টেচনৰ পৰা উজনি অসমৰ ডিব্ৰুগড় লৈ যাতায়তৰ বাবে ইন্টাৰচিটি ৰে’ল সেৱা৷ সোমবাৰে পৰীক্ষামূলক ভাৱে উদ্বোধন কৰা হয় ডেকাৰগাঁও-ডিব্ৰুগড় ইন্টাৰচিটি ৰে’ল সেৱাৰ ৷ ৰঙিয়া ডিভিছনৰ এ ডি আৰ এম,সন্তোষ কুমাৰ শৰ্মাই আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে এই পৰীক্ষামূলক ৰে’ল সেৱাৰ। সপ্তাহটোত পাঁচ দিনৰ বাবে এই ৰে’ল সেৱা আগবঢ়ায় উত্তৰ পূব সীমান্ত ৰে’ল বিভাগে ৷ কেৱল বৃহস্পতিবাৰ আৰু দেওবাৰে বন্ধ থাকিব এই ৰে’লৰ সেৱা বুলি জানিবলৈ দিয়ে ৰঙিয়া ডিভিছনৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে।
ডেকাৰগাঁও আৰু ডিব্ৰুগড় ইন্টাৰচিটি ৰে’ল সেৱাৰ শুভ উদ্বোধনী - তেজপুৰ ডেকাৰগাঁও ষ্টেচন
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাইজৰ বাবে সুখবৰ ৷ বহু জল্পনা কল্পনাৰ অন্তত উদ্বোধন কৰা হ’ল তেজপুৰ ডেকাৰগাঁও ষ্টেচনৰ পৰা উজনি অসমৰ ডিব্ৰুগড় লৈ যাতায়তৰ বাবে ইন্টাৰচিটি ৰে’ল সেৱা ৷
ডেকাৰগাঁও আৰু ডিব্ৰুগড় ইন্টাৰচিটি ৰে’ল সেৱাৰ শুভ উদ্বোধনী
ইপিনে যাত্ৰাৰ প্ৰথমটো দিনাই কোনো ধৰণৰ প্ৰচাৰ নোহোৱাকৈয়ে তেজপুৰৰ পৰা 10,0535 টকাৰ টিকট ডেকাৰগাঁও ৰেলৱে ষ্টেচনত মুঠ ১৩৬ জন যাত্ৰীয়ে সংগ্ৰহ কৰিছে ৷ ইয়াৰে আগতীয়াকৈ টিকট সংগ্ৰহ কৰা যাত্ৰীৰ সংখ্যা আছিল ৭৬ জন ৷
উল্লেখযোগ্য যে,বৰ্তমান এই ৰে’ল খনত কোনো ধৰণৰ বিশেষ ডবা সংযোজন কৰা হোৱা নাই যদিও পৰৱৰ্তী সময়ত যাত্ৰীৰ ওপৰত নিৰ্ভৰ কৰি এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷