অসম

assam

ETV Bharat / city

বনভূমিত ভূমি পট্টাৰ বাবে অজনজাতীয় লোকে দেখুৱাব লাগিব 75 বছৰৰ আৱাসিক প্ৰমাণ পত্ৰ - অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানী লিমিটেড

বনভূমিত ভূমি পট্টা প্ৰদান সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা ৷ অজনজাতীয় লোকে 75 বছৰ বসবাস কৰাৰ প্ৰমাণ পত্ৰ দাখিল কৰিলেহে বনভূমিত ভূমি পট্টা লাভ কৰিব (Residential certificate for land Patta in forest land)৷

Residential certificate for land Patta in forest land
Residential certificate for land Patta in forest land

By

Published : Mar 24, 2022, 12:57 PM IST

তেজপুৰ, 24 মাৰ্চ : অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই বুধবাৰে কয় যে, অজনজাতীয় লোকে 75 বছৰ বসবাস কৰাৰ প্ৰমাণ পত্ৰ দাখিল কৰিলেহে বনভূমিত ভূমি পট্টা লাভ কৰিব ৷ কিন্তু জনজাতীয় লোকক কোনোধৰণৰ প্ৰমাণ পত্ৰ দাখিল নকৰাকৈয়ে ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলিৰ অধীনত জিলা প্ৰশাসনে বন বিভাগৰ লোকক বেদখলকাৰীৰ নাম কৰ্তন কৰাৰ এক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত মুখ্য সচিব গৰাকীক প্ৰশ্ন কৰাত এইদৰে কয় (Assam chief secretary on land patta issue) ।

বিদ্যুৎ বিভাগৰ পৰ্যালোচনা বৈঠক

বুধবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত বিদ্যুৎ বিভাগৰ পৰ্যালোচনা বৈঠকত (Review meeting of Power Department) অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্য সচিব গৰাকীয়ে কয় যে, বৰ্তমানৰ দৰে যদি অসম ৰাজ্যিক বিদ্যুৎ বিভাগ চলি থাকে ভৱিষ্যতত বহু ভাল দিন আহিব । ক’ভিডৰ সময়ত অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বকেয়া ধন বিভিন্ন ক্ষেত্ৰত আদায় দিব নোৱাৰিছিল ৷ যাৰ বাবে বিদ্যুৎ বিভাগত যথেষ্ট ৰাজহ অনাদায় হিচাপে ৰৈছিল আৰু 500 কোটি টকাৰ ঘাটি হৈছিল ৷ কিন্তু এতিয়া এই ধন সংগ্ৰহ হৈ বিদ্যুৎ বিভাগ টনকিয়াল হৈছে । ৰাইজে বিদ্যুৎ যোগান নিয়মীয়া কৈ লাভ কৰিব পাৰিব বুলিও প্ৰকাশ কৰে মুখ্য সচিব গৰাকীয়ে ।

বনভূমিত ভূমি পট্টাৰ বাবে অজনজাতীয় লোকে দেখুৱাব লাগিব 75 বছৰৰ আৱাসিক প্ৰমাণ পত্ৰ

আনহাতে আগন্তুক ব’হাগ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ (PM Modi to visit Assam on next April) সমন্ধে তেওঁ কয় যে, বৰ্তমানলৈকে কোনো ধৰণৰ চৰকাৰী তথ্য আহি পৰা নাই ৷ অৱশ্যে এপ্ৰিল মাহত ভাৰতৰ ৰাষ্ট্ৰপতি আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ তথ্য সদৰী কৰে মুখ্য সচিব গৰাকীয়ে ।

লগতে পঢ়ক :Majuli Bridge: মাজুলীবাসীৰ আৱেগক ব্যৱহাৰ কৰি জয়ী হৈছিল সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details