অসম

assam

ETV Bharat / city

চতুৰ্থ দিনাও AN 32 উদ্ধাৰ অভিযান অব্যাহত - আশিস টানোৱাৰ

সোমবাৰে যোৰহাট বায়ু সেনা ছাউনীৰ পৰা উৰা মৰা বায়ু সেনাৰ AN 32 বিমানখন নিৰুদ্দিষ্ট হোৱা তিনিটা দিন পাৰ হোৱাৰ পাচতো বৰ্তমানো কোনো শুংসূত্ৰ লাভ কৰা নাই বিমানখনৰ ৷ নিৰুদ্দিষ্ট বিমানখনৰ সন্ধানত বায়ুসেনাকে ধৰি স্থলসেনা আৰু নৌসেনাৰ লগতে অৰুণাচলৰ আৰক্ষী আৰু আইটিবিপি বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

চতুৰ্থ দিনাও AN 32 উদ্ধাৰ অভিযান আৰম্ভ

By

Published : Jun 6, 2019, 9:14 AM IST

Updated : Jun 6, 2019, 9:50 AM IST

তেজপুৰ,6 জুন : সোমবাৰৰ পৰাই নিখোজ হৈ থকা বায়ুসেনাৰ AN 32 বিমানৰ উদ্ধাৰ অভিযান আজিলৈকে অব্যাহত আছে ৷ উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে ইছৰোৰ উপগ্ৰহকে ধৰি সশস্ত্ৰ বাহিনীৰ এটাৰ ওপৰত আনটো উন্নত প্ৰযুক্তিসম্পন্ন সা-সৰঞ্জাম ৷ উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে বায়ুসেনাৰ ছুখই, চুপাৰ হাৰকিউলিছ, নৌসেনাৰ P8l, স্থলসেনাৰ হেলিকপ্টাৰকে ধৰি ইছৰোৰ ক্ৰিছাট আৰু ৰিছাট উপগ্ৰহ ৷ ইতিমধ্যে চতুৰ্থ দিনাও আৰম্ভ হৈছে এই বিমানৰ উদ্ধাৰ অভিযান ৷ বুধবাৰে নিশা চুখয় আৰু হাকিউলিচ বিমানৰে অভিযান চলায় যদিও কোনো সম্ভেদ লাভ কৰিবলৈ সম্ভৱ হোৱা নাই এই পৰ্যন্ত ৷

মুঠ 13 জন বায়ু সেনা বাহিনীৰ লোকে যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ যাত্ৰা কৰিছিল সোমবাৰে দিনৰ 12:25 বজাত কিন্তু উৰণৰ আধাঘন্টাৰ পিছত দিনৰ 1 বজাৰ পৰা ৰাডাৰৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হয় আৰু ইয়াৰ পিছতেই যুদ্ধকালীন প্ৰস্ততিৰে বিভিন্ন প্ৰযুক্তিৰে অভিযান চলাই আছে AN 32 ৰ ৷

বিমানখনত 13 জন বায়ু সেনাৰ লোকৰ ভিতৰত পাইলট আশিস টানোৱাৰ কিছু দিনৰ আগতে চুটিত ঘৰৰ পৰা আহিছিল আৰু তেওঁৰ পত্নী সন্ধ্যা যি বায়ু সেনা বাহিনীৰ যোৰহাটস্থিত এয়াৰ ট্ৰেফিক কন্ট্ৰ’লত কৰ্মৰত ৷ টানোৱাৰে মেচুকালৈ উৰামৰাৰ সময়ত সন্ধ্যাই সেই ট্ৰেফিক কন্ট্ৰ’লৰ পৰা সেউজ সংকেত পঠাইছিল আৰু তাৰ আধাঘন্টাৰ পাচতেই সংযোগ বিচ্ছিন্ন হৈ পৰাত সন্ধ্যাই অস্থিৰ হৈ শীৰ্ষ বিষয়াক অৱগত কৰিছিল ৷

পত্নী সন্ধ্যাৰ সৈতে আশিস টানোৱাৰ

উল্লেখ্যে যে, 1984 চনত ভাৰতবৰ্ষত বায়ুসেনাত অন্তৰ্ভুক্ত হোৱা এন্টোনৱ AN-32 মুঠ 103 খন আছে যদিও ইয়াৰ ভিতৰত মাত্ৰ 45 খনহে আধুনিকীকৰণ কৰা হৈছে ৷ আনহাতে বায়ুসেনাৰ কোনো বিমানতে ELT Electro Light Transmiter নথকাৰ বাবে দুৰ্ঘটনাত পতিত হোৱাৰ তাৎক্ষণিক কোনো তথ্য আহৰণ কৰিব নোৱাৰে ৷

Last Updated : Jun 6, 2019, 9:50 AM IST

ABOUT THE AUTHOR

...view details