চতিয়া, ২১ নৱেম্বৰ :পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই লৈছে নতুন নতুন পদক্ষেপ ৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ কাজিৰঙাৰ পিছত উত্তৰ অসমৰ জামুগুৰিহাটৰ পানপুৰ সংৰক্ষিত বনাঞ্চলত দেওবাৰৰ পৰা মুকলি কৰা হয় জীপ চাফাৰি আৰু হাতী চাফাৰি ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ পানপুৰ বনাঞ্চলত আছে গড়, হাতী, বাঘকে আদি কৰি আন আন জীৱ-জন্তু ৷
ইক' টুৰিজিমৰ জৰিয়তে পানপুৰ বনাঞ্চলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাবে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আৰম্ভ কৰা হৈছে জীপ আৰু হাতী চাফাৰি ৷ ২০২০ চনতে পৰ্যটকৰ বাবে বনাঞ্চলখন মুকলি কৰা হৈছিল যদিও ক’ভিডৰ বাবে পৰ্যটকৰ উপস্থিতি আশানুৰূপ নাছিল বনাঞ্চলখনত ৷ ক’ভিডৰ পাছত দেওবাৰে পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হয় পানপুৰ বনাঞ্চল ৷