অসম

assam

ETV Bharat / city

অৰুনাচলৰ বন-বিষয়াৰ নামেৰে নতুন প্ৰজাতিৰ কেটফিছৰ নামাকৰণ

অৰুণাচল প্ৰদেশৰ এগৰাকী বন বিষয়াৰ নামেৰে নামাকৰণ কৰা হৈছে ৰাজ্যখনত উদ্ধাৰ হোৱা এটা নতুন কেটফিছ প্ৰজাতিৰ নাম ৷ সবিশেষ জানো আঁহক ৷

new species of catfish has been named after a forest officer of  Arunachal Pradesh
অৰুনাচলৰ বন-বিষয়াৰ নামেৰে নামাকৰণ কৰা হ’ল নতুন প্ৰজাতিৰ কেটফিছৰ

By

Published : Aug 24, 2021, 5:45 PM IST

তেজপুৰ, ২৪ আগষ্ট :অৰুণাচল প্ৰদেশত উদ্ধাৰ হোৱা এটা নতুন কেটফিছ প্ৰজাতিৰ নাম ৰাজ্যখনৰ এজন বন বিষয়াৰ নামেৰে ৰখা হৈছে । অৰুণাচল প্ৰদেশ চৰকাৰৰ অফিচিয়েল টুইটাৰ হেণ্ডেল যোগে এই কথা ঘোষণা কৰা হৈছে ৷ ৰাজ্যখনৰ এগৰাকী বন বিষয়া এছ ৰুপিৰ বলি(S Rupir Boli )ৰ নামেৰে নামাকৰণ কৰা হৈছে ৷ নতুনকৈ আৱিষ্কৃত চিচোৰিড কেটফিছটো গ্লিপ্টোথোৰাক্স ৰুপিৰি(Glyptothorax rupiri) বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখযোগ্য যে, বন বিষয়া এছ ৰুপিৰ বলিয়ে অৰুণাচল প্ৰদেশৰ মৌলিং ৰাষ্ট্ৰীয় উদ্যানত ৰেঞ্জ ফৰেষ্ট অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । অৰুণাচল প্ৰদেশ চৰকাৰৰ অফিচিয়েল টুইট অনুসৰি, গৱেষকসকলে কৰা প্ৰথম জৰীপৰ সময়ত নমুনা সংগ্ৰহ কৰাত বিষয়া গৰাকীয়ে কৰা সহায়ৰ বাবে নতুন চিচোৰিড কেটফিছ বিধৰ নাম এছ ৰুপিৰ বলিৰ নামেৰে গ্লিপ্টোথোৰেক্স ৰুপিৰি (Glyptothorax rupiri) ৰখা হৈছে।

অৰুণাচল প্ৰদেশ চৰকাৰে টুইটযোগে কয়, "গৱেষক সকলৰ প্ৰথম জৰীপৰ সময়ত নমুনা সংগ্ৰহ কৰাত সহায় কৰাৰ বাবে অৰুণাচল প্ৰদেশৰ মৌলিং ৰাষ্ট্ৰীয় উদ্যানৰ এজন বন বিষয়া এছ ৰুপিৰ বলিৰ নামেৰে এটা নতুন চিচোৰিড কেটফিছৰ নাম গ্লিপ্টোথোৰাক্স ৰুপিৰি ৰখা হৈছে।" উল্লেখযোগ্য যে, মৌলিং ৰাষ্ট্ৰীয় উদ্যানখন পশ্চিম চিয়াং, পূব চিয়াং আৰু উজনি চিয়াং জিলাৰ কিছু অংশলৈকে বিয়পি আছে ।

গৱেষক সকলৰ মতে, নতুন প্ৰজাতিৰ কেটফিছ গ্লিপ্টোথোৰেক্স ৰুপিৰিক চিয়াং নদীৰ পৰা লাইশ্ৰাম কোচিগিন, প্ৰতিমা সিং আৰু শিবানন্দা ৰাঠীয়ে সংগ্ৰহ কৰিছিল ৷ এই নতুন কেটফিছ প্ৰজাতিটো ভাৰতীয় উপমহাদেশৰ ইয়াৰ সংগীসকলৰ(congeners) পৰা পৃথক ৷ অধ্যয়ন অনুসৰি, এই প্ৰজাতিটো বৰ্তমান কেৱল অৰুণাচল প্ৰদেশৰ উজনি ছিয়াং জিলাৰ হাৱা শিবিৰৰ ওচৰৰ চিয়াং নদীৰ উপনদী জাম্বুঙৰ সোঁততহে দেখা যায় ।

লগতে পঢ়ক :144 Indians from Ukraine arrive at Indore airport

ABOUT THE AUTHOR

...view details