তেজপুৰ, 26 আগষ্ট :বুধবাৰে সংবাদ মাধ্যমৰ যোগেদি ৰাজহুৱাকৈ ঘোষণা কৰা হয় তেজপুৰ চহৰৰ বান থিয়েটাৰত মঙলবাৰে নিশা গঠন হোৱা নতুন আঞ্চলিক ৰাজনৈতিক দল ‘‘সংযুক্ত আঞ্চলিক দল অসম’’ ৰ (United Regional Party, Assam) । অঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ এতিয়াৰ পৰা হ’ল ‘‘সংযুক্ত আঞ্চলিক দল, অসম’’ ৷
জাতীয় সমভাবাপন্ন সকলো দল সংগঠন আৰু পাহাৰ ভৈয়ামৰ সকলো জনগোষ্ঠীৰ একেই চিন্তা, একেই দৰ্শন, একেই ধ্যান-ধাৰণাৰ লোকৰ অন্তৰ্ভূক্তিৰ জৰিয়তে একে অন্তৰ্ভূক্তিকৃত (Inclusive) ৰাজনীতিৰ এই দলে পোষকতা কৰিব বুলি ব্যক্ত কৰে দলটোৰ নৱনিযুক্ত সভাপতি অৰূপ বৰবৰাই ৷