তেজপুৰ, 29 ডিচেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উদ্ধাৰ হোৱা বাঘৰ পোৱালী এটা মঙলবাৰে, অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষক চমজাই দিয়া হয় ৷ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা বাঘৰ পোৱালীটোৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত চিৰিয়াখানা কৰ্তৃপক্ষক চমজাই দিয়াৰ সিদ্ধান্ত লয় উদ্যান কৰ্তৃপক্ষই ৷ নতুন বছৰত বাঘৰ পোৱালীটো ৰাজ্যিক চিৰিয়াখানাৰ নতুন আলহী হিচাপে গ্ৰহণ কৰে ৷
নতুন বছৰতে অসম ৰাজ্যিক চিৰিয়াখানাত নতুন আলহী - অসম ৰাজ্যিক চিৰিয়াখানা
মঙলবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উদ্ধাৰ কৰা এটা বাঘৰ পোৱালী অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষক গতাই দিয়া হয় ৷
নতুন বছৰতে অসম ৰাজ্যিক চিৰিয়াখানাত নতুন আলহী
ৰাষ্ট্ৰীয় উদ্য়ানখনৰ ভিতৰত উদ্ধাৰ হোৱা পোৱালীটো অপৈনত অৱস্থাত জন্মগ্ৰহণ কৰিছিল ৷ যাৰ বাবে মাকে পোৱালীটোক তেনেদৰে উদ্যানখনৰ ভিতৰত অকলশৰীয়াকৈ এৰি থৈ গৈছিল ৷ সদ্যহতে ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই পোৱালীটোৰ দায়িত্ব গ্ৰহণ কৰি চিৰিয়াখানালৈ লৈ আনে ৷
লগতে পঢ়ক :ডিব্ৰুগড়ৰ চাবুৱা চাহ বাগিচাত উদ্ধাৰ দুটাকৈ বাঘৰ পোৱালী
Last Updated : Dec 29, 2020, 10:34 PM IST