অসম

assam

ETV Bharat / city

কাজিৰঙাৰ পানবাৰী (চি ডব্লিউ আৰ চি)ত নতুন আলহী - বনৰীয়া হাতী পোৱালী

কাজিৰঙাৰ পানবাৰী নতুন আলহী হ’ল এটা হাতী পোৱালী ৷ কিছুদিনৰ পূৰ্বে হাতী পোৱালিটোৰ মাতৃৰ বিদ্যুৎস্পৃষ্ট হৈ মত্যু হৈছিল ৷ ইয়াৰ পাছত হাতীৰ জাকটোৰ পৰা বিচ্ছিন্ন হৈ বনত অকলে বাস কৰিছিল পোৱালিটোৱে ৷

New Guest at Panbari (CWRC) in Kaziranga
কাজিৰঙাৰ পানবাৰীত নতুন আলহী

By

Published : Nov 3, 2021, 2:29 PM IST

তেজপুৰ, ২ নৱেম্বৰ : উত্তৰ-পূব ভাৰতৰ অনাথ বন্যপ্ৰাণীৰ একমাত্ৰ পুনসংস্থাপন কেন্দ্ৰ বন্যপ্ৰাণী পুনসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত কাজিৰঙাৰ পানবাৰী (চি ডব্লিউ আৰ চি)ত আজিৰে পৰা নতুন আলহী হ’ল এটা অনাথ বনৰীয়া হাতী পোৱালী ৷ উল্লেখ্য যে, ২০২১ চনৰ ২৪ অক্টোবৰত অসমৰ গোলাঘাট জিলাৰ ঢোলাগাঁৱত এজনী প্ৰাপ্তবয়স্ক হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মত্যু হৈছিল ৷ যাৰ ফলত বনত অকলে আছিল হাতীজনীৰ পোৱালিটো ।

কাজিৰঙাৰ পানবাৰীত নতুন আলহী

বন বিভাগৰ প্ৰাথমিক অনুসন্ধানৰ সময়ত বিদ্যুৎস্পৃষ্ট মাতৃৰ ওচৰত হাতী পোৱালিটো পোৱা নগ'ল । স্থানীয় লোকে সন্দেহ কৰা অনুসৰি, হাতীটো জাকৰ সৈতে স্থানান্তৰিত হোৱাৰ সময়ত গোলাঘাট জিলাৰ অন্তৰ্গত ঢোলাগাঁও অঞ্চলৰ পথাৰৰ ওচৰত এডাল উচ্চ ভল্টেজ তাঁৰ পৰি যোৱাৰ ফলত হাতীটোৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় ৷ হাতীজনীৰ মৃত্যুৰ পিছত চতুৰ্থ দিনা অৰ্থাৎ 28 অক্টোবৰত পৰিত্যক্ত পোৱালীটো ঢোলাগাঁওৰ ওচৰৰ মিৰিপথাৰ অঞ্চলত (ঘটনাস্থলী) অকলে উপস্থিত হৈছিল ৷ মাতৃৰ গাখীৰ আৰু যত্ন অবিহনে অনাহাৰে পোৱালিটো দুৰ্বল হৈ পৰিছিল ৷

ইয়াৰ পাছতেই গোলাঘাটৰ বন বিভাগে অনাথ পোৱালীটো উদ্ধাৰ কৰে আৰু বন্যপ্ৰাণী পুনসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত (চি ডব্লিউ আৰ চি) ভৰ্তি কৰায় ৷ চি ডব্লিউ আৰ চি হৈছে ভাৰতীয় বন্যপ্ৰাণী ন্যাস (ডব্লিউ টি আই) আৰু অসম বন বিভাগৰ (এ এফ ডি) যুটীয়াভাৱে পৰিচালিত বন্যপ্ৰাণী যত্ন সুবিধাৰ্থে স্থাপন কৰা এটা আন্তৰ্জাতিক পশু কল্যাণ পুঁজিৰ (আই এফ এ ডব্লিউ) দ্বাৰা সমৰ্থিত অনুষ্ঠান । হাতীজনীৰ মৃত্যুৰ পাছত বন বিষয়াই পোৱালীটো ওপৰত নজৰ ৰাখিছিল । পৰিত্যক্ত পোৱালীটো মিৰিপথাৰ অঞ্চলত দেখাৰ পাছত মঙলবাৰে চি ডব্লিউ আৰ চিত পোৱালীটো ভৰ্তি কৰোৱা হয় ৷

লগতে পঢ়ক :দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ গচকত এজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details