তেজপুৰ, 3 ছেপ্টেম্বৰ :শোণিতপুৰ জিলাৰ তেজপুৰ বৰঘাট ঝাৰণিত নৃশংসভাৱে হত্যা কৰা হয় এগৰাকী কন্যা শিশুক ৷ অবৈধ প্ৰেমৰ বলি হোৱাৰ সন্দেহ এটি নিষ্পাপ শিশু ৷
উল্লেখ্য যে, স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি তেজপুৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত ঝাৰণিৰ প্ৰয়াত দিচেন ধানোৱাৰৰ পত্নী ৰাহিলা ধানোৱাৰৰ অবৈধ সম্পৰ্ক আছিল জাহিৰ আলী নামৰ এজন যুৱকৰ সৈতে ৷ কিন্তু জাহিৰ আৰু কন্যাৰ মাতৃৰ বাবে বাধাৰ প্ৰাচীৰ হৈ থিয় দিছিল 12 বছৰীয়া কন্যাগৰাকী ৷ যাৰ বাবে সুযোগ বুজি শুই থকা অৱস্থাতে মাতৃৰ উপস্থিতিত কন্যাগৰাকী জাহিৰে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ এই ঘটনাৰ পাচতেই অঞ্চলটোত হুৱাদুৱা লাগে আৰু ৰাইজে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায় ৷