তেজপুৰ ,29 আগষ্ট: তেজপুৰৰ গোটলঙত অংগনাবাড়ী কেন্দ্ৰৰ চৰকাৰী খাদ্য গ্ৰহণ কৰি গুৰুত্বৰ ভাৱে অসুস্থ হৈ পৰিছে অঞ্চলটোৰ সূৰ্যউদয় প্ৰাথমিক বিদ্যালয়ৰ এজন ছাত্ৰৰ ৷ ঘটনা অনুসৰি অংগনাবাড়ী কেন্দ্ৰৰ পৰা ছাত্ৰ ছাত্ৰী সকলক দিয়া ফুডগ্ৰেইন খাই ছাত্ৰজনৰ প্ৰথমতে পেটৰ বিষ অনুভৱ হয় আৰু পিছলৈ বমি আৰু শৌচ আৰম্ভ হয় ৷
তেজপুৰত চৰকাৰী খাদ্য গ্ৰহণ কৰি চিকিৎসাধীন ছাত্ৰ - সূৰ্যউদয় প্ৰাথমিক বিদ্যালয়
তেজপুৰৰ গোটলঙৰ অংগনবাড়ী কেন্দ্ৰৰ খাদ্য গ্ৰহণৰ পাচতেই এই ঘটনা সংঘটিত ৷

তেজপুৰত অঘটন: চৰকাৰী খাদ্য গ্ৰহণ কৰি ছাত্ৰ চিকিৎসাধীন
তাৰোপৰি সেই একে ফুডগ্ৰেইন গ্ৰহণ কৰি পৰিয়ালটোৰ আন চাৰিজন লোকো হঠাৎঅসুস্থ হৈ পৰে ৷ চৰকাৰে যোগান ধৰা শিশু খাদ্যৰ নিম্ন মানদণ্ডৰ বাবেই এনে কাণ্ড সংঘটিত হৈছে বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে ৷
তেজপুৰত অঘটন: চৰকাৰী খাদ্য গ্ৰহণ কৰি ছাত্ৰ চিকিৎসাধীন