তেজপুৰত তুংগত ভানুৰ নিৰ্বাচনী প্ৰচাৰ - তেজপুৰ লোকসভা সমষ্টি
বৰছলাত ভানুৰ হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ লৈ বিজেপিক কটাক্ষ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্তব্য কৰি সভাত উপস্থিত ৰাইজক বিবেক ভোটদান কৰিবলৈ আহ্বান কংগ্ৰেছী নেতাসকলৰ ৷
তেজপুৰ,30মাৰ্চ: শনিবাৰে তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বৰছলাত কংগ্ৰেছ মনোনীত প্ৰাৰ্থী এম জি ভি কে ভানুয়ে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ নামঘৰ, বজাৰ আবাসস্থলী, শ্বহীদৰ ভূমি আদিকে ধৰি বিভিন্ন ঠাইত চলোৱা এই প্ৰচাৰ কাৰ্যসূচীত ভানুক সংগ দিয়ে বৰছলা সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী টংক বাহাদুৰ ৰায়, মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক হিৰণ্য ভূঞাই । ইপিনে এই প্ৰচাৰ কাৰ্যসূচীৰ মাজতে এখন সভাতে কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যইমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । ইয়াৰোপৰি বিজেপি দলৰ প্ৰাৰ্থী পল্লৱ লোচন দাসক ফিউজ লাইট বুলি অভিহিত কৰে ভট্টাচাৰ্যই । লগতে তেওঁ বিজেপিৰ ওপৰত অভিযোগ তুলি কয় যে যদিহে পুনৰবাৰ কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হয় তেন্তে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব ৷ গতিকে সভাত উপস্থিত থকা সকলোকে অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ বিবেকবান ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই।