অসম

assam

ETV Bharat / city

ৰঙাপাৰাত একেলগে মিলিত ৪০০যোৰ দৰা-কইনা - Wedding Ceremony

এক অভূতপূৰ্ব দৃশ্য । এই দৃশ্য হৈছে ৰঙাপাৰাৰ শিৱ মন্দিৰৰ ।

সামূহিক বিবাহ

By

Published : Feb 5, 2019, 10:59 PM IST

ৰঙাপাৰা, ৫ ফেব্ৰুৱাৰীঃ উৰুলিৰ শব্দৰে মুখৰিত হোৱা ৰঙাপাৰাৰ ১নং ৱাৰ্ডৰ শিবমন্দিৰত সম্পন্ন হয় ৪০০খন বিবাহ । শিৱ মন্দিৰৰ পৰাই এইদৰে যুগ্ম জীৱনৰ পাতনি মেলিলে এইসকল দৰা-কইনাই ।

সেৱায়ান আৰু সেৱা ভাৰতী তথা ৰঙাপাৰাবাসী ৰাইজৰ সহযোগত স্থানীয় ১নং ৱাৰ্ডৰ শিৱ মন্দিৰত অনুষ্ঠিত হয় এই সামূহিক বিবাহ অনুষ্ঠান । আৰ্থিকভাৱে দূৰ্বল দৰা কইনাই হিন্দু ৰীতি অনুসৰি সামূহিকভাৱে পাতনি মেলিলে যুগ্ম জীৱনৰ ।

সামূহিক বিবাহ
বিভিন্ন জনগোষ্ঠীৰ ধৰ্মগুৰু আৰু সত্ৰাধিকাৰ সকলৰ উপস্থিতিত ৪০০ যোৰ দৰা কইনাই অগ্নিক সাক্ষী কৰি ধৰ্মীয় পৰম্পৰাৰে আৰম্ভ কৰিলে যুগ্ম জীৱন । সকলোৱে হিয়া আজুৰি আৰ্শীবাদ দিলে এইদৰে নতুন জীৱনৰ পাতনি মেলা দৰা-কইনাক ।

ABOUT THE AUTHOR

...view details