অসম

assam

ETV Bharat / city

ডিটেনশ্যন কেম্পত মৃত্যু হোৱা ব্যক্তিৰ মৃতদেহ চমজি ল'বলৈ পৰিয়ালৰ অস্বীকাৰ - তেজপুৰ ডিটেনশ্যন কেম্পত ব্যক্তিৰ মৃত্যু বাতৰি

জি এম চি এইচত মৃত্যু ঘটিল তেজপুৰ ডিটেনশ্যন কেম্পত থকা দুলাল চন্দ্ৰ পালৰ ৷

ডিটেনশ্যন কেম্প মৃত্যু হোৱা দুলাল চন্দ্ৰ পাল (ফাইল ফটো)

By

Published : Oct 17, 2019, 12:28 AM IST

তেজপুৰ, 16 অক্টোবৰঃজি এম চি এইচত মৃত্যু ঘটিল তেজপুৰ ডিটেনশ্যন কেম্পৰ দুলাল চন্দ্ৰ পাল নামৰ লোক এজনৰ । ৫ দিন উকলি যোৱাৰ পাছতো মৃতদেহ চমজি ল'বলৈ পৰিয়ালৰ লোকে অস্বীকাৰ কৰিছে । চিকিৎসালয়ৰ মৰ্গতে ৫ দিন ধৰি পৰি আছে দুলাল চন্দ্ৰ পালৰ মৃতদেহটো ।


উল্লেখযোগ্য যে, ২০১৭ চনৰ ১১ অক্টোবৰ তাৰিখে এফ টি ( এ ) গোচৰ নং ২২৩/২০১৭ ৰ অধীনত ঢেকীয়াজুলি আলিচিঙাৰ দুলাল চন্দ্ৰ পালক বিদেশী নাগৰিক বুলি ঘোষণা কৰি তেজপুৰ ডিটেনশ্যন কেম্পত ভৰ্তি কৰোৱা হৈছিল । দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল দুলাল চন্দ্ৰ পাল । ২৮ ছেপ্টেম্বৰত জি এম চি এইচত তেখেতক ভৰ্তি কৰোৱাৰ পাছত চিকিৎসাধীন অৱস্থাতে ১১ অক্টোবৰত লোকজনৰ মৃত্যু হয় । বৰ্তমান মৃতদেহটো চমজি লবলৈ অস্বীকাৰ কৰিছে মৃত দুলাল চন্দ্ৰ পালৰ পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে মৃত পালক ভাৰতীয় বুলি ঘোষণা কৰক নহয় তেখেতৰ মৃতদেহ বাংলাদেশলৈ পঠিয়াই দিয়ক বুলি প্ৰশাসনক দাবী জনাইছে ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details