অসম

assam

By

Published : May 6, 2021, 7:19 PM IST

Updated : May 15, 2021, 6:30 AM IST

ETV Bharat / city

চৰকাৰী নিৰ্দেশ উলংঘাকাৰীক লাঠীৰ কোব জামুগুৰি আৰক্ষীৰ

কভি'ডৰ নীতি-নিয়ম নমনা একাংশৰ বিৰুদ্ধে বৃহস্পতিবাৰে জামুগুৰিৰ ব্যৱসায়িক কেন্দ্ৰস্থলত কঠোৰ হৈ পৰে প্ৰশাসন ৷ জামুগুৰি আৰক্ষীয়ে জামুগুৰিহাটত মাস্ক নিপিন্ধা আৰু অনৰ্থকভাৱে দোকানৰ সন্মুখত জুম বান্ধি থকা লোকৰ ওপৰত লাঠীচালনা কৰে ৷

জামগুৰিহাটত আৰক্ষীৰ লাঠীচালনা
জামগুৰিহাটত আৰক্ষীৰ লাঠীচালনা

চতিয়া,৬ মে': সমগ্ৰ দেশতে কৰ'ণাই ভয়ংকৰ ৰূপ লোৱাৰ পাছতো ক’ভিডৰ নীতি-নিয়ম নমনা একাংশৰ বিৰুদ্ধে বৃহস্পতিবাৰে জামুগুৰিৰ ব্যৱসায়িক কেন্দ্ৰস্থলত প্ৰশাসন কঠোৰ হৈ পৰা পৰিলক্ষিত হয় । জামুগুৰিৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ লগতে বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰত ক’ভিডৰ নীতি-নিয়ম নমনাসকলৰ বিৰুদ্ধে প্ৰশাসনে অভিযান চলায় । নদুৱাৰৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতিৰ উপস্থিতিত জামুগুৰি থানাৰ আৰক্ষীয়ে জামুগুৰিহাটত মাস্ক নিপিন্ধা আৰু অনৰ্থকভাৱে দোকান-পোহাৰৰ সন্মুখত জুম বান্ধি থকা লোকক আৰক্ষীয়ে লাঠীচালনাৰে ছত্ৰভংগ দিয়ে ।

চৰকাৰী নিৰ্দেশ উলংঘাকাৰীক লাঠীৰ কোব জামুগুৰি আৰক্ষীৰ

প্ৰায় দুঘণ্টাৰো অধিক সময় ধৰি স্থানীয় আৰক্ষী প্ৰশাসনে এইদৰে জামুগুৰিহাটত ক’ভিড প্ৰটকল নমনাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা যায় । উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ লগতে চতিয়া সমষ্টিৰ জামুগুৰিহাটতো কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । এতিয়ালৈকে জামুগুৰিহাটত কৰ'ণাত তিনি জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় শতাধিক লোক কৰ’ণাত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক :মেৰাপানীত 13 খনকৈ অবৈধ শিল ভৰ্তি ডাম্পাৰ জব্দ

Last Updated : May 15, 2021, 6:30 AM IST

ABOUT THE AUTHOR

...view details