তেজপুৰ, 21 ছেপ্তেম্বৰ :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ৰ ওপৰত তথ্য চিত্ৰ নিৰ্মাণ কৰি উলিয়াইছে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা গড় সংৰক্ষক কেভিন পিটাৰছনে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণকালত ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত নিৰ্মাণ কৰা তথ্য চিত্ৰখন আন্তঃৰাষ্ট্ৰীয় গড় দিৱস অৰ্থাৎ মঙলবাৰে নিশা 9 বজাত নেশ্যনেল জিঅ’গ্ৰাফী চেনেলৰ জৰিয়তে বিশ্ববাসীৰ আগত প্ৰচাৰ কৰা হ’ব বুলি টুইট যোগে অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক জানিবলৈ দিয়ে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ।
কেভিন পিটাৰছনৰ তথ্য চিত্ৰখনৰ মূল বিষয় হৈছে বিশ্ব বিখ্যাত বন্যপ্ৰাণী এশিঙীয়া গঁড়ক বিশ্বৰ আগত দাঙি ধৰা । প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ইতিপূৰ্বে আফ্ৰিকাৰ গঁড়ৰ ওপৰতো সংৰক্ষণ ব্যৱস্থাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে । পিটাৰচেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰি থলুৱা লোকৰ লগত মত বিনিময় কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন দিশৰ বুজ লয় আৰু তামোলিপথাৰ প্রাথমিক বিদ্যালয়, দিৰিং চাহ বাগিছাৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীৰ লগতো মত বিনিময় কৰিছিল ৷
চলিত বৰ্ষৰ 4 মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি 12 মাৰ্চত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিদায় লৈছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৷