তেজপুৰ, 24 মাৰ্চ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে তিনিদিন ধৰি বন্ধ থাকিব হাতী চাফাৰী । ৰাষ্ট্ৰীয় উদ্যানৰ বন প্ৰাধিকাৰী (Divisional Forest Officer) ৰমেশ গগৈয়ে বৃহস্পতিবাৰে 26 মাৰ্চৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বছৰেকীয়া গঁড়ৰ পিয়ল (One Horned Rhino Census) ৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব দিয়ে (Kaziranga National Park To Remain Close From March 26 ) ৷
ৰাষ্ট্ৰীয় উদ্যানৰ মূল তিনিটা ৰেঞ্জৰ অধীনত কঁহৰা,বাগৰি আৰু অগৰাতলী ৰেঞ্জৰ অধীনত বন বিভাগৰ দল আৰু বিভাগীয় বাহিনীয়ে আৰম্ভ কৰিব এই গণনা । বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যানখনত গণনাৰ তথ্য অনুসৰি বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙিয়া গঁড়ৰ সংখ্যা মুঠ 2,413 টা ৷