অসম

assam

Kalia Bhomora second bridge: অহা মাহত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব কলিয়া ভোমোৰাৰ দ্বিতীয়খন দলং

By

Published : Sep 23, 2022, 5:39 PM IST

নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে কলীয়া ভোমোৰাৰ দ্বিতীয় খন দলঙৰ (Kalia Bhomora second bridge)৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা মাহত এই দলংখন মুকলি কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে (PM Modi to inaugurate New Kalia Bhomora bridge) ৷ বৃহস্পতিবাৰে লোকসভা প্ৰবাস অভিযানৰ অধীনত কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে এই দলংখন পৰিদৰ্শন কৰে ।

Kalia Bhomora second bridge
Kalia Bhomora second bridge

তেজপুৰ, 23 ছেপ্টেম্বৰ : কলীয়া ভোমোৰাৰ দ্বিতীয় খন দলঙৰ নিৰ্মাণ সম্পূৰ্ণ (Kalia Bhomora second bridge) হোৱাৰ পিছত আজি কেন্দ্ৰীয় অইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে পৰিদৰ্শন কৰে দলংখন (Kalia Bhomora bridge) । লোকসভা প্ৰবাস অভিযানৰ অধীনত কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে এই দলংখন পৰিদৰ্শন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা মাহত এই দলংখন মুকলি কৰাৰ সম্ভাৱনা আছে বুলি কয় ৰিজিজুৱে (Kiren Rijiju visit Kalia Bhomora bridge) ।

অহা মাহত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব কলিয়া ভোমোৰা দ্বিতীয়খন দলং

ভোমোৰাগুৰি দলংখন অসমৰ এক গুৰুত্বপূৰ্ণ দলং বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুয়ে কয় যে, উত্তৰ পাৰৰ সীমান্তলৈ যোগাযোগ ব্যৱস্থা সুচল হোৱাত সেনাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব এই দলংখনে (Bridges on river Brahmaputra)। দৈনিক ভাৰতীয় সেনাৰ অহা যোৱা লগতে অন্যান্য সুৰক্ষা বিভাগৰ বাবে এই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাত বহুতো সকাহ পোৱা যাব । লগতে অত্যাধিক যান-জঁট, বহু সময়ৰ প্ৰত্যাহ্বানৰ বাবে আৰু অধিক উন্নয়নৰ বাবে এই দলংখন নিৰ্মাণ হৈ উঠিল বুলি তেওঁ ব্যক্ত কৰে ।

কলীয়া ভোমোৰা দ্বিতীয় খন দলং

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰই বাংলাদেশ লৈ সংযোগ কৰা Inter Inland Waterways সংযোগো এটা বৃহৎ যোগাত্মক দিশত আগবাঢ়িছে বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

লগতে পঢ়ক:দ্বিতীয়খন কলীয়াভোমোৰা সেতু পৰিদৰ্শন কৰিলে কিৰেণ ৰিজিজুৱে

দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ আবেগিক হৈ পৰে । ১৯৭০-৮০ দশকত অৰুণাচল প্ৰদেশৰ পৰা তেজপুৰ হৈ নগাঁও আৰু উজনি অসমৰ ঠাইলৈ যোৱাৰ স্মৃতি ৰোমন্থন কৰে কিৰেণ ৰিজিজুৱে ।

কলীয়া ভোমোৰা দ্বিতীয় খন দলং পৰিদৰ্শন কিৰেণ ৰিজিজুৰ

শোণিতপুৰ জিলাৰ পূৱ প্ৰান্তত মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কলীয়া ভোমোৰা দলঙৰ সমান্তৰালভাৱে দ্বিতীয়খন দলঙৰ উদ্বোধনী অহা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব বুলি এক ইংগিত প্ৰদান কৰে (PM Modi to inaugurate New Kalia Bhomora bridge) । তেওঁ কয় যে, অৰুণাচল প্ৰদেশৰ ইটানগৰত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা বিমানবন্দৰ আৰু দুটা হাইড্ৰেল প্ৰজেক্টৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ প্ৰধানমন্ত্ৰী মোদী অহা মাহত অৰুণাচল প্ৰদেশলৈ আহিব ।

এই দলংখন সংযুক্ত হ’ব বৰ্তমান নিৰ্মাণ কাৰ্য চলি থকা চাৰিলেন যুক্ত পথেদি জামুগুৰিহাটৰ চকীঘাট দলঙৰ লগত ৷ যিখনৰ এতিয়াও নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই ।

নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে কলীয়া ভোমোৰা দ্বিতীয় খন দলঙৰ

ভোমোৰাগুৰি দলংখনৰ এক বিশেষত্ব আছে ৷ এই দলঙৰ নাম কলীয়া ভোমোৰা ৰখাৰ কাৰণ হৈছে আহোম ৰাজত্বৰ সময়ত আহোমৰ সেনাপতি কলীয়া ভোমোৰা বৰফুকনৰ দ্বাৰা এই কলীয়া ভোমোৰা পাহাৰৰ সংযোগীকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ সংযোগ কৰিবলৈ এক প্ৰচেষ্টা হাতত লৈছিল ৷ তাৰ আলমতে পৰৱৰ্তী সময়ত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত 1981 চনত এই কলীয়া ভোমোৰাৰ প্ৰথমখন দলঙৰ নিৰ্মাণৰ কাম হাতত লৈছিল (Kalia Bhomora bridge on Brahmaputra)।

লগতে পঢ়ক:মাজুলীয়ালৰ সপোনৰ দলংখন বাস্তৱ হ’ব কেতিয়া ?

পৰৱৰ্তী সময়ত সুদীৰ্ঘ সাত বছৰৰ মূৰত 1987 চনৰ এপ্ৰিল মাহত দলংখন ৰাইজৰ বাবে মুকলি কৰি দিয়ে তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ৷ ১৯৬২ চনৰ চীনা আগ্ৰাসনৰ পিছত ব্ৰহ্মপুত্ৰৰ বক্ষই দি নগাঁও আৰু উজনি অসমক উত্তৰ অসমৰ লগত সংযোগ কৰা এইখন একমাত্ৰ দলং ৷ সেনা বাহিনীৰ আৰু সুৰক্ষা বিভাগৰ বাবে এই দলংখন অতি গুৰুত্বপূৰ্ণ ।

বৰ্তমান ভাৰতীয় সেনা বাহিনীৰ উত্তৰ পাৰৰ একমাত্ৰ মুখ্য কাৰ্যালয় সেনাৰ চতুৰ্থ ক’ৰ বায়ুসেনাৰ ঘাটি তেজপুৰ আৰু মিছামাৰী লগতে ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ পশ্চিম দিশত সংযোগৰ বাবে এই দলংখন বিশেষ ভূমিকা আছে (IAF camp in Tezpur)।

পূৰ্বৰ দলংখন 3.015 কিলোমিটাৰ দৈৰ্ঘৰ ৷ বৰ্তমানৰখন তাতকৈ 25 মিটাৰ বেছি দীঘল আৰু বহল কৈ নিৰ্মান কৰা হৈছে বুলি জানিবলৈ দিয়ে এছ পি সিংলা নিৰ্মাণকাৰী সংস্থাৰ প্ৰজেক্ট কৰ্ডিনেটৰ প্ৰশান্ত সিঙে । এম এছ গেমন আৰু এছ পি সিংলা দুয়োটা নিৰ্মাণকাৰী সংস্থাৰ অধীনত নিৰ্মাণ হোৱা দলংখন ব্ৰহ্মপুত্ৰৰ ওপৰত সপ্তমখন দলং ।

বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা ঢলা শদিয়া দলংখন আটাইতকৈ দীঘল 9.15 কিলোমিটাৰ ৷ আনহাতে বগীবিল ৰেল আৰু ৰোড সংযোগী দলংৰ দৈৰ্ঘ 4.94 কিলোমিটাৰ ৷ নৰনাৰায়ণ সেঁতু যোগীঘোপা 2.28 কিলোমিটাৰ আৰু শৰাইঘাটৰ ৰেল আৰু পথ সংযোগী নতুন দলংখন 1.49 কিলোমিটাৰ ৷ অৰ্থাৎ কলীয়া ভোমোৰা দলং বগীবিল পিছতে 3.40 কিলোমিটাৰ দীঘল ।

এই দলংখন গেমন ইণ্ডিয়া কনষ্ট্ৰাকচনে কলিয়াবৰৰ পৰা 55 শতাংশ নিৰ্মাণ কৰিছে আৰু এছ পি সিংলা নিৰ্মাণ সংস্থাই 45 শতাংশ তেজপুৰ দুলাবাৰীৰ পৰা কলীয়া ভোমোৰা পাহাৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ 37(A) উত্তৰৰ দিশৰ পৰা নিৰ্মাণ কৰিছে বুলি তেওঁ কয় । সম্পূৰ্ণ প্ৰজেক্টৰ মুঠ 17.30 কিলোমিটাৰ মুঠ 588.95 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে ।

লগতে পঢ়ক:মাজুলীবাসীক মাধমাৰ; 100 শতাংশ বৃদ্ধি হ’ব ফেৰী ভাড়া

ABOUT THE AUTHOR

...view details