অসম

assam

ETV Bharat / city

ভাৰত - থাইলেণ্ডৰ যুটীয়া সামৰিক অনুশীলন মৈত্ৰী, 2019

মেঘালয়ৰ উমৰয়ত সোমবাৰৰ পৰা ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড আৰ্মীয়ে যুটীয়া সামৰিক অনুশীলন মৈত্ৰী - 2019 ৰ শুভাৰম্ভ কৰে ৷ সোমবাৰৰ পৰা 29 ছেপ্তেম্বৰলৈ চলিবলগীয়া এই বাৰ্ষিক দ্বিপাক্ষিক অনুশীলনৰ মূল উদ্দেশ্য হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি কৰা আৰু ঘন জংঘল আৰু চহৰ উভয়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা ৷

By

Published : Sep 16, 2019, 11:17 PM IST

ভাৰত - থাইলেণ্ডৰ যুটীয়া সামৰিক অনুশীলন মৈত্ৰী, 2019

তেজপুৰ, 16 ছেপ্তেম্বৰ : মেঘালয়ৰ উমৰয়ত সোমবাৰৰ পৰা ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড আৰ্মীয়ে যুটীয়া সামৰিক অনুশীলন মৈত্ৰী - 2019 ৰ শুভাৰম্ভ কৰে ৷ সোমবাৰৰ পৰা 29 ছেপ্তেম্বৰলৈ চলিবলগীয়া এই বাৰ্ষিক দ্বিপাক্ষিক অনুশীলনৰ মূল উদ্দেশ্য হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি কৰা আৰু ঘন জংঘল আৰু চহৰ উভয়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা ৷ ওমৰয়ৰ জইন্ট ট্ৰেইনিং ন'ডত (Joint Training Node) এই যুটীয়া অনুশীলনৰ আৰম্ভ কৰে দুয়ো দেশৰ সেনাই ৷

ভাৰত - থাইলেণ্ডৰ যুটীয়া সামৰিক অনুশীলন মৈত্ৰী, 2019

উল্লেখ্য যে, ভাৰত আৰু থাইলেণ্ড সেনাৰ মাজত 14 দিনীয়া কাৰ্যসূচীৰে এই অনুশীলন কৰা হ'ব ৷ দুয়োখন দেশৰ সেনাই তেওঁলোকৰ বিভিন্ন অভিযানৰ অভিজ্ঞতাসমূহৰ বিষয়েও এই অনুশীলনতে বৰ্ণনা কৰিব ৷ ৪৮ ঘন্টীয়া যুটীয়া অভিযানত দুয়ো দেশৰ সৈন্যই কৌশল বিকাশ কৰাৰ লগতে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অনুশীলন কৰিব ৷

ভাৰত - থাইলেণ্ডৰ যুটীয়া সামৰিক অনুশীলন মৈত্ৰী, 2019

উল্লেখ্য যে, মৈত্ৰী অনুশীলন - 2019 হৈছে 2006 চনৰ পৰা ভাৰত আৰু থাইলেণ্ডৰ মাজৰ দীৰ্ঘ স্থায়ী দ্বিপাক্ষিক সম্পৰ্কৰ এক উদাহৰণ ৷

ভাৰত - থাইলেণ্ডৰ যুটীয়া সামৰিক অনুশীলন মৈত্ৰী, 2019

ABOUT THE AUTHOR

...view details