অসম

assam

ETV Bharat / city

3 ফেব্ৰুৱাৰীৰ পৰা ভাৰত-বাংলা সেনাৰ যুটীয়া অনুশীলন SAMPRITI-IX

ভাৰত আৰু বাংলাদেশৰ মাজৰ সামৰিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখৰ পৰা আৰম্ভ হ'ব দুয়োখন দেশৰ সেনাৰ যুটীয়া অনুশীলন ৷ SAMPRITI-IX নামেৰে মেঘালয়ৰ উমৰৈত ভাৰতীয় স্থলসেনাৰ ৰেডহৰ্ণ ডিভিজনৰ তত্বাৱধানত এই অনুশীলন অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছে তেজপুৰস্থিত প্ৰতিৰক্ষা মুখপাত্ৰ লে. কৰ্নেল হৰ্ষ বৰ্ধন পাণ্ডে ৷

3 ফেব্ৰুৱাৰীৰ পৰা ভাৰত-বাংলা সেনাৰ যুটীয়া অনুশীলন SAMPRITI-IX
3 ফেব্ৰুৱাৰীৰ পৰা ভাৰত-বাংলা সেনাৰ যুটীয়া অনুশীলন SAMPRITI-IX

By

Published : Jan 31, 2020, 8:10 PM IST

তেজপুৰ, 31 জানুৱাৰীঃভাৰত আৰু বাংলাদেশৰ মাজৰ সামৰিক সহযোগিতা আৰু অধিক শক্তিশালী হৈ পৰিব ৷ সেই অনুসাৰে অহা 3 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈ মেঘালয়ৰ উমৰৈত অনুষ্ঠিত হ'ব SAMPRITI-IX নামে এক যুটীয়া সৈন্য অনুশীলন ৷ তেজপুৰস্থিত ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে. কৰ্নেল হৰ্ষ বৰ্ধন পাণ্ডে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷ ভাৰতীয় স্থলসেনাৰ ৰেডহৰ্ন ডিভিজনৰ তত্বাৱধানত প্ৰায় তেৰদিন ধৰি চলিবলগীয়া এই অনুশীলনৰ বাবে দুয়োখন দেশৰ সেনাৰ দলসমূহে আগতীয়াকৈ সামৰিক কুচকাৱাজ আৰম্ভ কৰিছে ৷

3 ফেব্ৰুৱাৰীৰ পৰা ভাৰত-বাংলা সেনাৰ যুটীয়া অনুশীলন SAMPRITI-IX

এই অনুশীলনত দুয়োখন দেশেই ৰাষ্ট্ৰসংঘৰ সামৰিক তথা কূটনৈতিক নীতিৰ আধাৰত সন্ত্ৰাসবাদ বিৰোধী অনুশীলনত ভাগ ল'ব ৷ ইয়াৰ উপৰিও কামাণ্ড পোষ্ট এক্সাৰচাইজ (Command Post Exercise, CPX) আৰু ফিল্ড ট্ৰেইনিং এক্সাৰচাইজ (Field Training Exercise, FTX)তো অংশগ্ৰহণ কৰিব সেনাৰ দুয়োটা দলে ৷ ইয়াকে লৈ ইতিমধ্যে দুয়োখন দেশৰ সেনাই নিজৰ নিজৰ সৈন্য সামগ্ৰীসমূহৰ লগতে আগতীয়া অনুশীলন আৰম্ভ কৰিছে ৷

ABOUT THE AUTHOR

...view details