তেজপুৰ, ৯ এপ্ৰিল : চীনা সেনাৰ হাতত আটক হৈছিল এগৰাকী ভাৰতীয় লোক । যোৱা ৭ এপ্ৰিলত চীনা সৈন্যৰ কৱলৰ পৰা উদ্ধাৰ কৰে ভাৰতীয় সেনাই ৷ কিন্তু কিয় চীনা সেনাৰ হাতত আটক হ’বলগীয়া হৈছিল ভাৰতীয় যুৱকজন ? COVID-১৯ প্ৰসংগ নে আন কিবা ?
ভাৰতীয় সেনা বাহিনীয়ে যোৱা ৭ এপ্ৰিলত চীনা সৈন্যৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় এজন ২১ বছৰীয়া অৰুণাচলী যুৱক তাচাৰ চিংখম ওৰফে টগ্লে চিংখমক ৷ ভুলবশত ২১ বছৰীয়া অৰুণাচলী যুৱকজন তেওঁৰ দুই সতীৰ্থৰ লগত বন্য দ্ৰব্য বিছাৰি ভাৰতৰ সীমা অতিক্ৰম কৰি প্ৰৱেশ কৰিছিল চীন সীমান্তত ৷ তাৰ পাচতেই চীন সৈন্যৰ হাতত আটক কৰা হৈছিল যুৱকজনক । পিচত ৭ এপ্ৰিলত সীমান্তত ভাৰতীয় সেনাই চীনা সৈন্যক বৰ্ডাৰ পৰম্পৰা অনুসৰি আবেদন কৰাৰ পিছত সীমান্তত থকা চীনা সেনাই কৰ্দনৰ জৰিয়তে যুৱক জনক ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰে লাডাখৰ তীব্বত সীমান্তত ৷
তাচাৰ চিংখমৰ ঘৰ অৰুণাচল প্ৰদেশৰ উজনিৰ সোৱনশিৰি জিলাত ৷ জিলাৰ সদৰ ডাপৰিজোৰ পৰা প্ৰায় ২২০ কিল'মিটাৰ আশাপিলা গাঁৱৰ টাকচিন সীমান্তত ৷ ইটানগৰৰ নাহৰলগুনৰ বিদ্যালয়ত দশম মানৰ পৰীক্ষা সমাপ্ত কৰি এই লক্ ডাউনৰ সময়ত ঘৰতে আছিল যুৱকজন ৷
পিতৃ তাই চিংখম আৰু মাতৃ ইয়াপঙ চিংখমৰ পুত্ৰ তাচাৰ চিংখম ৷ যোৱা ২০ দিন ধৰি তাচাৰক চীনা সৈন্যই আটক কৰি নিয়াৰ বাবে শংকিত হৈ পৰিছিল ৷ ডাপৰিজত থকা তেওঁৰ খুড়াক লগিম চিংখামৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিছিল ইটিভি ভাৰতৰ সাংবাদিকে ।