অসম

assam

ETV Bharat / city

Indian Army Seminar: ভাৰতীয় সেনাৰ আলোচনাচক্ৰৰ সামৰণি - ভাৰতীয় সেনাই চীনৰ ওপৰত অনুষ্ঠিত কৰা দুদিনীয়া আলোচনাচক্ৰ

তেজপুৰ গজৰাজ কৰ্পছত ভাৰতীয় সেনাই চীনৰ ওপৰত অনুষ্ঠিত কৰা "ড্ৰেগনৰ ওপৰত তীক্ষ্ণ দৃষ্টি" শীৰ্ষক প্ৰথমলানি আলোচনাচক্ৰৰ সামৰণি(Indian Army Hold Seminar On Indo-China Border Dispute) । ভাৰতীয় সেনাৰ কলকাতাস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ জিঅ'চি লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাৰ নেতৃত্বত অনুষ্ঠিত হয় আলোচনাচক্ৰখন ৷

indian-army-hold-seminar-on-indo-china-border-dispute
ভাৰতীয় সেনাই চীনৰ ওপৰত অনুষ্ঠিত কৰা আলোচনাচক্ৰৰ সামৰণি

By

Published : Aug 5, 2022, 10:58 PM IST

তেজপুৰ, ৫ আগষ্ট:ভাৰতীয় সেনাৰ কলকাতাস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ চি-ত জিঅ'চি লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাৰ নেতৃত্বত তেজপুৰ গজৰাজ কৰ্পছত "ড্ৰেগনৰ ওপৰত তীক্ষ্ণ দৃষ্টি" শীৰ্ষক ভাৰতীয় সেনাই চীনৰ ওপৰত অনুষ্ঠিত কৰা দুদিনীয়া আলোচনাচক্ৰৰ শুকুৰবাৰে সামৰণি পৰে(Indian Army Hold Seminar On Indo-China Border Dispute) ।

ভাৰতীয় সেনাৰ আলোচনাচক্ৰৰ সামৰণি

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই সদৰী কৰা অনুসৰি আলোচনা চক্ৰখনত চীন-ভাৰতীয় সীমান্তৰ ভূ-খণ্ডৰ কৌশলগত জটিলতা, ভাৰত-চীন সীমা বিবাদ আৰু সীমান্ত ব্যৱস্থাপনা আৰু চীনৰ সামৰিক সংস্কাৰক চীনৰ গোলকীয় সপোন প্ৰাপ্তিৰ চালক হিচাপে গুৰুত্ব দিয়া হৈছিল ৷ তিনিটা পৃথক আলোচনাত জ্যেষ্ঠ পৰ্যায়ৰ কূটনীতিবিদ, আৰু সামৰিক উচ্চপদস্থ বিষয়া উপস্থিত আছিল ।

আলোচনাচক্ৰত ৰাষ্ট্ৰদূত অশোক কণ্ঠ, লেফটেনেণ্ট জেনেৰেল ৰণবীৰ সিং আৰু লেফটেনেণ্ট জেনেৰেল এছ এল নৰসিংহনৰ দ্বাৰা পৰিচালিত পেনেলিষ্টসকলে চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক, চলিত সামৰিক আধুনিকীকৰণ আৰু চীনৰ বিশ্বব্যাপী আকাংক্ষা বৃদ্ধিৰ ৰূপৰেখাৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰে ।

আজি দ্বিতীয় দিনাৰ অন্তিম অধিৱেশনত পেনেলিষ্টৰ পৰা উত্থাপিত বিষয় আছিল ভাৰতীয় সশস্ত্ৰ বাহিনীত পৰা প্ৰভাৱ আৰু অগ্ৰগতিৰ পথ । আলোচনা চক্ৰ লেফটেনেণ্ট জেনেৰেল ৰাজ শুক্লাই জ্যেষ্ঠ সামৰিক বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে পৰিচালনা কৰিছিল ৷ এই আলোচনা চক্ৰত ভাৰতীয় সেনা বাহিনীৰ ২০০তকৈও অধিক বিষয়াই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :APCC team meet governor : ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিলে প্ৰদেশ কংগ্ৰেছে

ABOUT THE AUTHOR

...view details