অসম

assam

ETV Bharat / city

Indian Army seminar: তেজপুৰ গজৰাজ কৰ্পছত ড্ৰেগনৰ ওপৰত তীক্ষ্ণ দৃষ্টি শীৰ্ষক আলোচনাচক্ৰ - তেজপুৰ গজৰাজ কৰ্পছ

তেজপুৰ গজৰাজ কৰ্পছত অনুষ্ঠিত হয় ভাৰতীয় সেনাই চীনৰ ওপৰত অনুষ্ঠিত কৰা "ড্ৰেগনৰ ওপৰত তীক্ষ্ণ দৃষ্টি" শীৰ্ষক প্ৰথমলানি আলোচনাচক্ৰ(Indian Army Hold Seminar On Indo-China Border Dispute) । ভাৰতীয় সেনাৰ কলকাতাস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ জিঅ'চি লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাৰ নেতৃত্বত অনুষ্ঠিত হয় আলোচনাচক্ৰখন ৷

Indian Army Hold Seminar On Indo-China Border Dispute
তেজপুৰ গজৰাজ কৰ্পছত ড্ৰেগনৰ ওপৰত তীক্ষ্ণ দৃষ্টি শীৰ্ষক আলোচনাচক্ৰ

By

Published : Aug 4, 2022, 10:42 PM IST

তেজপুৰ, ৪ আগষ্ট : ভাৰতীয় সেনাৰ কলকাতাস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ জিঅ'চি লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাৰ নেতৃত্বত বৃহস্পতিবাৰে তেজপুৰ গজৰাজ কৰ্পছত অনুষ্ঠিত হয় ভাৰতীয় সেনাই চীনৰ ওপৰত অনুষ্ঠিত কৰা "ড্ৰেগনৰ ওপৰত তীক্ষ্ণ দৃষ্টি" শীৰ্ষক প্ৰথমলানি আলোচনাচক্ৰ(Indian Army Hold Seminar On Indo-China Border Dispute) ।

তেজপুৰ গজৰাজ কৰ্পছত ড্ৰেগনৰ ওপৰত তীক্ষ্ণ দৃষ্টি শীৰ্ষক আলোচনাচক্ৰ

৪ দিনীয়া ভ্ৰমণসূচীৰে তেজপুৰত উপস্থিত হোৱা ইষ্টাৰ্ণ কামাণ্ডাৰ লেফটেনন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা উপস্থিত থকা এই আলোচনা চক্ৰখনৰ উদ্বোধনী ভাষণ দিয়ে তেজপুৰ গজৰাজ কৰ্পছ জিঅ’চি লেফটেনেন্ট জেনেৰেল ডি এছ ৰাণাই ।

তেজপুৰ গজৰাজ কৰ্পছত ড্ৰেগনৰ ওপৰত তীক্ষ্ণ দৃষ্টি শীৰ্ষক আলোচনাচক্ৰ

উল্লেখযোগ্য যে, দেশৰ দীঘলীয়া সুৰক্ষাৰ বাবে সেনাৰ পূব কমাণ্ড সদায় দায়বদ্ধ । কাৰণ উত্তৰ-পূব অঞ্চলৰ সীমাবোৰ পৃথিৱীৰ যিকোনো ঠাইৰ সীমান্তৰ তুলনাত আটাইতকৈ কঠিন, উচ্চ আৰু জংঘল অঞ্চলত অৱস্থিত ।

তেজপুৰ গজৰাজ কৰ্পছত ড্ৰেগনৰ ওপৰত তীক্ষ্ণ দৃষ্টি শীৰ্ষক আলোচনাচক্ৰ

ভাৰত-চীনৰ উত্তৰ সীমান্তত কাৰ্যকৰী প্ৰস্তুতিৰ বাবে অব্যাহত প্ৰচেষ্টাই সীমান্ত অঞ্চলত অধিক অগ্ৰাধিকাৰ, দ্ৰুতগতিৰ আন্তঃগাঁথনি উন্নয়ন, সেনাবাহিনীত শেহতীয়া প্ৰযুক্তিৰ সঞ্চাৰ বিভিন্ন মতবাদ আৰু ৰণনীতিৰ ওপৰত এক জোৰদাৰ আলোচনাৰ বহুতো থল লাভ কৰিছে ।

তেজপুৰ গজৰাজ কৰ্পছত ড্ৰেগনৰ ওপৰত তীক্ষ্ণ দৃষ্টি শীৰ্ষক আলোচনাচক্ৰ

এই আলোচনাচক্ৰক উদ্দেশ্য হৈছে, সীমান্তৰ ৰূপৰেখাৰ বুজাবুজি অধিক পৰিষ্কাৰ কৰা, দশক জুৰি চীন-ভাৰত সীমা বিবাদৰ বিৱৰ্তন, চীনা কৌশলগত চিন্তা প্ৰক্ৰিয়া আৰু সামৰিক পৰিৱৰ্তন, প্ৰভাৱ আৰু ইয়াৰ পৰা ভাৰতে আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰা ।

তেজপুৰ গজৰাজ কৰ্পছত ড্ৰেগনৰ ওপৰত তীক্ষ্ণ দৃষ্টি শীৰ্ষক আলোচনাচক্ৰ

আলোচনাচক্ৰত বিষয়বস্তুৰ ওপৰত আলোকপাত কৰিব তথা বিশেষজ্ঞসকলৰ আলোচনা আৰু পেনেল আলোচনা অন্তৰ্ভুক্ত থাকে ৰাষ্ট্ৰদূত অশোক কণ্ঠ, অধ্যাপক শ্ৰীকান্ত কোণ্ডাপল্লী, জয়দেৱ ৰাণাডে, ড৹ অমৃতা জাশ, ক্লড আৰ্পি, লেফটেনেণ্ট জেনেৰেল ৰণবীৰ সিং (অৱসৰপ্ৰাপ্ত), প্ৰাক্তন সেনা কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰাজ শুক্লা (অৱসৰপ্ৰাপ্ত) সেনা প্ৰশিক্ষণ সেনাৰ কামাণ্ডাৰ আৰু লেফটেনেণ্ট জেনেৰেল এছ এল নৰসিংহন (অৱসৰপ্ৰাপ্ত) সদস্য, ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা ব’ৰ্ড, অন্যান্য সেৱা আগবঢ়োৱা সামৰিক বিষয়াসকল ৷ শুকুৰবাৰেও এই আলোচনা অব্যাহত থাকিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Teaching Medium Controversy : তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত পাঠদান মানি নলয় এবছু-বড়ো সাহিত্য সভাই

ABOUT THE AUTHOR

...view details