অসম

assam

By

Published : Aug 12, 2022, 7:55 AM IST

Updated : Aug 13, 2022, 12:07 PM IST

ETV Bharat / city

Indian Army bicycle rally, তেজপুৰৰ পৰা অৰুণাচললৈ সেনাৰ গজৰাজ কৰ্পছৰ চাইকেল ৰেলী

ভাৰতীয় সেনাৰ তেজপুৰস্থিত গজৰাজ কৰ্পছেও বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ ঠাকুৰবাৰীৰ পৰা অৰুণাচল প্ৰদেশৰ বালিমূহলৈ সেনাৰ ৭৫ জনীয়া দলৰ চাইকেল ৰেলী আৰম্ভ কৰে (Gajaraj Corps started bicycle rally from Tezpur) । চাইকেল আৰোহীৰ দলটোক ১৩ আগষ্টত অৰুণাচল প্ৰদেশৰ বালিমূহত ৰাজ্যপাল আৰু গজৰাজ কৰ্পছ জি অ’ চিয়ে আদৰণি জনাব ৷

Indian Army bicycle rally
Indian Army bicycle rally

তেজপুৰ, 12 আগষ্ট: ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা 75 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশতে এইবাৰ উলহ-মালহেৰে উদযাপন কৰিবলৈ লোৱা হৈছে স্বাধীনতা দিৱসটি (75th Independence Day of India)৷ ইতিমধ্যে দেশজুৰি আজাদী কা অমৃত মহোৎসৱৰ অধীনত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে (Azadi Ka Amrit Mahotsav across India) ৷ হৰ ঘৰ পতাকা অভিযান ইয়াৰ অন্যতম উদাহৰণ ৷ সমগ্ৰ দেশতে ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলনৰ বাবে এই পদক্ষেপ লোৱা হৈছে (Har Ghar Trianga Mission) ৷ গাঁৱে-নগৰে সকলোতে আৰম্ভ হৈছে ত্ৰিৰংগা যাত্ৰাও ৷

ভাৰতীয় সেনাৰ তেজপুৰস্থিত গজৰাজ কৰ্পছেও বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ ঠাকুৰবাৰীৰ পৰা অৰুণাচল প্ৰদেশৰ বালিমূহলৈ সেনাৰ ৭৫ জনীয়া দলৰ চাইকেল ৰেলী আৰম্ভ কৰে (Indian Army bicycle rally in Tezpur)। আজাদী কা অমৃত মহোৎসৱৰ উদ্দেশ্যে আয়োজিত সেনাৰ এই চাইকেল আৰোহীৰ দলতোত অংশগ্ৰহণ কৰে সেনাৰ উপৰিও ইন্দু তিব্বতীয়ান পুলিচ, সশস্ত্ৰ সীমা বল আৰু স্থানীয় লোকে (Gajaraj Corps started bicycle rally from Tezpur) ৷

সেনাৰ গজৰাজ কৰ্পছৰ চাইকেল ৰেলী

চাইকেল আৰোহীৰ দলটোক ১৩ আগষ্টত অৰুণাচল প্ৰদেশৰ বালিমূহত ৰাজ্যপাল আৰু গজৰাজ কৰ্পছৰ জি অ’ চিয়ে আদৰণি জনাব বুলি জানিবলৈ দিয়ে তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃ কৰ্ণেল এ এছ ৱালিয়াই ।

দলটোৱে শোণিতপুৰ জিলাৰ সেনাৰ মিছমাৰী ঘাটিৰ পৰা আৰম্ভ কৰা এই যাত্ৰা মিছামাৰি, ঢেকীয়াজুলি, ওৰাং, ৰৌতা, ওদালগুৰি, হাটীগড় আৰু ভৈৰৱকুণ্ড অতিক্ৰম কৰি অৰুণাচল প্ৰদেশৰ বালিমূহত তৃতীয় দিনৰ দিনা উপস্থিত হ’ব (Balimuh of Arunachal)। সেনাৰ এই চাইকেল অভিযানত কেবাগৰাকীও মহিলা বিষয়াই অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক:Independence Day parade: তেজপুৰ নেহৰু মৈদানত স্বাধীনতা দিৱসৰ পেৰেড অনুশীলন

Last Updated : Aug 13, 2022, 12:07 PM IST

ABOUT THE AUTHOR

...view details