তেজপুৰ, ৮ মে': অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিত সেনাৰ প্ৰশংসনীয় পদক্ষেপ । ইয়াৰ দুৰ্গম অঞ্চলৰ লোক সকলক COVID-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰতীয় সেনাই । লক্ ডাউনৰ মাজতেই বিতৰণ কৰিছে বহু চিকিৎসা সামগ্ৰী ।
COVID-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ সহায়ৰ হাত সেনাৰ অৰুণাচল প্ৰদেশৰ এই লোক সকলৰ মাজত সেনাবাহিনীৰ মেডিকেলৰ দলে চেনিটাইজাৰ, হেণ্ডগ্ল'ভছ, মাস্ক আৰু খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে চিকিৎসাৰ সজাগতাৰ বিষয়েও অৱগত কৰে ৷
চিকিৎসা সামগ্ৰী বিতৰণ সেনাৰ সেনাবাহিনীৰ চিকিৎসা বিভাগৰ দলটোৱে জিলাখনৰ ভিতৰুৱা অঞ্চলৰ লোক সকলক এই মহামাৰীৰ বাবে ল'ব লগা সাৱধানতাৰ বিষয়ে চৰকাৰৰ চিকিৎসা বিভাগে প্ৰদান কৰা নিয়ম সমূহ পালন কৰিবলৈও আহ্বান জনায় ।
অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিত সেনাৰ চিকিৎসা সামগ্ৰী বিতৰণ ভাৰতত বৰ্তমানলৈকে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৫৬,৪০৯ গৰাকী লোক । ইয়াৰে ভিতৰত ১,৮৯০ গৰাকী লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে । আনহাতে আৰোগ্য লাভ কৰিছে ১৬,৭৯০ গৰাকী লোকে । দেশখনত বৰ্তমানো ৩৭,৭২৫ টা ঘটনা সক্ৰিয় হৈ আছে । আনহাতে অসমত বৰ্তমানলৈকে ৫৪ জন লোক কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে অৰুণাচলত আক্ৰান্ত হৈছে ১ জন লোক ।