অসম

assam

ETV Bharat / city

ভাৰতীয় সেনাৰ চতুৰ্থ কৰ্পছৰ 57 সংখ্যক স্থাপনা দিৱস - 57 সংখ্যক স্থাপনা দিৱস

ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ অধীনস্থ অন্যতম শক্তিশালী কৰ্পছ হৈছে গজৰাজ কৰ্পছ ৷ চীনৰ বিৰুদ্ধে শক্তিশালী ৰূপত ঠিয় হৈ থকা গজৰাজ কৰ্পছ অৰ্থাৎ চতুৰ্থ কৰ্পছে শুক্ৰবাৰে উদযাপন কৰে ইয়াৰ 57 সংখ্যক স্থাপনা দিৱস ৷

চতুৰ্থ কৰ্পছৰ 57 সংখ্যক স্থাপনা দিৱস

By

Published : Oct 5, 2019, 6:58 PM IST

তেজপুৰ, 5 অক্টোবৰঃভাৰতীয় সেনাৰ অন্যতম শক্তিশালী কৰ্পছ, গজৰাজ কৰ্পছে উদযাপন কৰে বাহিনীটোৰ 57 সংখ্যক স্থাপনা দিৱস ৷ 1962 চনৰ ভাৰত-চীন যুদ্ধৰ পূৰ্বেই 1961 চনৰ অক্টোবৰ মাহৰ 4 তাৰিখে অসমৰ তেজপুৰত স্থাপনা কৰা হৈছিল গজৰাজ কৰ্পছ অৰ্থাৎ চতুৰ্থ কৰ্পছ ৷ ভাৰতীয় সেনাৰ লেঃ জেঃ বি এম কোলেৰ নেতৃত্বত স্থাপনা কৰা হৈছিল চতুৰ্থ কৰ্পছ ৷ শুকুৰবাৰে ভাৰতীয় সেনাই বাহিনীটোৰ তেজপুৰস্থিত মুখ্যালয়ত উদযাপন কৰে ইয়াৰ 57সংখ্যক স্থাপনা দিৱস ৷

ভাৰত আৰু চীন সীমান্তৰ সুৰক্ষাৰ লগতে অসম তথা অৰুণাচলত বিদ্ৰোহী বিৰোধী আৰু অন্যান্য উন্নয়নমুলক কামত নিয়োজিত হৈ আছে চতুৰ্থ কৰ্পছ ৷ বাহিনীটোৰ অধীনত আছে, মিছামাৰীস্থিত 21 মাউন্টেইন ডিভিজন, বমডিলাস্থিত 5 মাউন্টেইন ডিভিজন আৰু ৰঙিয়াস্থিত 21 মাউন্টেইন ডিভিজন ৷ বৰ্তমানে বমডিলাস্থিত 5 মাউন্টেইন ডিভিজনৰ অধীনত দুটাকৈ মাউন্টেইন ব্ৰীগেড আৰু ৰঙিয়াস্থিত 21 মাউন্টেইন ডিভিজনৰ অধীনত আছে 77 মাউন্টেইন ব্ৰীগেড আৰু 315 ফিল্ড ৰেজিমেন্ট ৷ ইয়াৰ উপৰিও 2010 চনৰ মাজভাগত কৰ্পছৰ অধীনত গঠন কৰা হয় 71 মাউন্টেইন ব্ৰীগেড ৷

তেজপুৰস্থিত চতুৰ্থ কৰ্পছৰ স্মৃতিস্থল

চতুৰ্থ কৰ্পছৰ অন্যতম কামাণ্ডাৰসকলৰ ভিতৰত অন্যতম আছিল ফিল্ড মাৰ্শ্বাল ছাম মানেকছাও, 1971 চনৰ ভাৰত-পাক যুদ্ধৰ ভেটেৰান লে. জেন. স্বাগত সিং, ভাৰতীয় সেনাৰ উপ-মুখ্যসেনাধ্যক্ষ লে. জেন. (অৱসৰপ্ৰাপ্ত) ডেবৰাজ অনবুকে ধৰি লে. জেন. ওম প্ৰকাশ মালহোত্ৰা, লে. জেন. হৰবক্স সিং আদি ৷ বৰ্তমানে কৰ্পছৰ দায়িত্বত আছে লে. জেন. মনোজ পাণ্ডে ৷

শ্বহীদস্মৃতিস্থলত চ্যেলুটৰত লে. জেন. মনোজ পাণ্ডে

ভাৰত-চীন যুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ বহুকেইটা ব্ৰীগেড ফৰ্মেশ্বন অতিক্ৰম কৰি তেজপুৰলৈ আগবাঢ়ি আহিছিল ৰঙা চীন ৷ সেইসময়ত তেজপুৰস্থিত চতুৰ্থ কৰ্পছে অসাধাৰণ বীৰত্বৰে যুদ্ধত অৱতীৰ্ণ হৈছিল যদিও কৰ্পছে হেৰুৱাইছিল ইয়াৰ অধীনত থকা গোৰ্খা ৰেজিমেন্ট, আৰ্মি এভিয়েশ্বন আৰু মাউন্টেইন ব্ৰীগেডৰ বহু বিষয়া-জোৱানকে ধৰি অন্যান্য সামৰিক সামগ্ৰী তথা যান-বাহন ৷ পৰৱৰ্তী সময়ত 1971 চনৰ ভাৰত-পাক (বাংলাদেশ) যুদ্ধৰ সময়ত চতুৰ্থ কৰ্পছে দেখুৱাইছিল বীৰত্বৰ অসাধাৰণ নিদৰ্শন ৷ এই যুদ্ধৰ সময়তে লে. জেন. স্বাগত সিঙৰ অধীনত গজৰাজ কৰ্পছে দখল কৰিছিল বাংলাদেশৰ ঢাকাৰ মেঘনা হেলি ব্ৰীজ ৷ ভাৰতীয় সেনাৰ Mi-4 হেলিকপ্টাৰৰ সহায়ত প্ৰথমবাৰৰ বাবে ঢাকাত প্ৰৱেশ কৰি পাকিস্তানী সেনাক পৰাভূত কৰিছিল ভাৰতীয় সেনাই ৷

সামৰিক বাৰ্তা প্ৰদানৰ মুহূৰ্তত লে. জেন. মনোজ পাণ্ডে


শুকুৰবাৰে অনুষ্ঠিত হোৱা চতুৰ্থ কৰ্পছৰ 57সংখ্যক স্থাপনা দিৱসত অংশগ্ৰহণ কৰে কৰ্পছ কামাণ্ডাৰ লে. জেন. মনোজ পাণ্ডেৰ লগতে ভাৰতীয় সেনাৰ বহুকেইগৰাকী শীৰ্ষ বিষয়া তথা মুখ্যালয়ত কৰ্তব্যৰত বিষয়া-জোৱানসকলে ৷ চতুৰ্থ কৰ্পছৰ মুখ্যালয়ত থকা শ্বহীদ স্থলত বীৰ জোৱানসকলৰ স্মৃতিত সামৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লে. জেন. মনোজ পাণ্ডে ৷ পৰৱৰ্তী সময়ত বহুটো সাংস্কৃতিক তথা সামৰিক কাৰ্যসূচীও উদযাপন কৰে কৰ্পছে ৷ উল্লেখ্য যে, চতুৰ্থ কৰ্পছৰ কামাণ্ডাৰ তথা ভাৰতীয় সেনাৰ ফিল্ড মাৰ্শ্বাল ছাম মানেকছাওৰ স্মৃতিত তেজপুৰস্থিত মুখ্যালয়ত ভাৰতীয় সেনাই এটি প্ৰেক্ষাগৃহ অৰ্পন কৰে ৷

ABOUT THE AUTHOR

...view details