অসম

assam

By

Published : Nov 20, 2020, 9:30 PM IST

ETV Bharat / city

ষট পূজাৰ বাবে ৰঙাপাৰাত ভক্তৰ ব্যাপক সমাগম

ষট পূজা উপলক্ষে শোণিতপুৰৰ ৰঙাপাৰাৰ নৈৰ ঘাটত ভক্তৰ ব্যাপক সমাগম ৷ সূৰ্য দেৱতাক সেৱা জনাবলৈ ৰঙাপাৰাৰ ৰেলৱে পুখুৰীৰ ঘাট,বৰজুলি নদী,কলনি নদী,ডিপোটা নদীৰ ঘাটত সমবেত ভক্তপ্ৰাণ ৰাইজ ৷

সূৰ্য দেৱতাক সেৱা জনাবলৈ নদী পাৰত সমবেত ভক্তপ্ৰাণ ৰাইজ
সূৰ্য দেৱতাক সেৱা জনাবলৈ নদী পাৰত সমবেত ভক্তপ্ৰাণ ৰাইজ

ৰঙাপাৰা, 20 নৱেম্বৰ: ষট পূজা উপলক্ষে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে শোণিতপুৰৰ ৰঙাপাৰাত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক সমাগম ৷ সূৰ্য দেৱতাক সেৱা জনোৱাৰ উদ্দেশ্যে ৰঙাপাৰাৰ বিভিন্ন নদীৰ ঘাটত সমবেত হ'ল অগণন ভক্তপ্ৰাণ ৰাইজ ৷ শুকুৰবাৰে আবেলি ৰঙাপৰাৰ ৰে'লৱে পুখুৰীৰ ঘাট,বৰজুলি নদী,কালনি নদী আৰু ডিপোটা নদীৰ ঘাটৰ পাৰত সূৰ্য দেৱতাক সেৱা জনাবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হ'ল ৷

সূৰ্য দেৱতাক সেৱা জনাবলৈ নদী পাৰত সমবেত ভক্তপ্ৰাণ ৰাইজ

উল্লেখ্য যে ভক্তপ্ৰাণ ৰাইজে পুখুৰী আৰু নদীৰ পানীত নামি সূৰ্য অস্ত নোযোৱালৈকে সূৰ্য দেৱতাক পূজা-অৰ্চনা কৰাৰ পাছত নিজ ঘৰলৈ উভতি আহে। ষট পূজা চাবলৈ দাতিকাষৰীয়া অঞ্চলৰ ৰাইজ আহি পূজাস্থলীত উপস্থিত হোৱাত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে । অন্যান্য অঞ্চলসমূহৰ লগতে ৰঙাপৰাৰ 1 নং ৱাৰ্ডত থকা ঐতিহাসিক শিৱ মন্দিৰৰ সমীপৰে বৈ যোৱা ডিপোটা নদীৰ পাৰত সবস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰে । শনিবাৰে সপ্তমীৰ পুৱা উদিত সূৰ্যক অৰ্ঘ প্ৰদান কৰাৰ পাছত ষট পূজাৰ সামৰণি পৰিব ।
লগতে পঢ়ক:অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details