অসম

assam

ETV Bharat / city

চাহ বাগিচাসমূহত অবৈধ সুৰাৰ প্ৰচলনেই যক্ষ্মা ৰোগৰ অন্যতম কাৰণ - নাহৰণী চাহ বাগিচা

ৰঙাপৰাৰ নাহৰনী চাহ বাগিচাত যক্ষ্মা ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে মঙলবাৰে এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ উক্ত সভাখনত শোণিতপুৰ জিলাৰ উপায়ুক্তগৰাকীৰ লগতে স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে ৷

One Health awerness Camp Held in Rangapara, Sonipur District
চাহ বাগিচাসমূহত অবৈধ সুৰাৰ প্ৰচলনেই যক্ষ্মা ৰোগৰ অন্যতম কাৰণ :উপায়ুক্ত

By

Published : Jul 27, 2021, 2:26 PM IST

ৰঙাপৰা, 27 জুলাই :চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত যক্ষ্মা ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাতো বহুলোক এই ৰোগত আক্ৰান্ত হৈছে ৷ এই ৰোগ নিৰ্মূলকৰণৰ উদ্দেশ্যে শোণিতপুৰৰ নাহৰানি চাহ বাগিচাত (Naharani Tea Estate) স্বাস্থ্য বিভাগৰ উদ্যোগত মঙলবাৰে এখন সজাগতা সভা (Awerness Camp) অনুষ্ঠিত হয়। বিশেষকৈ চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলা আৰু যুৱতীসকলক সজাগ কৰাৰ উদ্দেশ্য আয়োজন কৰে 'জন আন্দোলন' নামৰ শীৰ্ষক এই সজাগতা সভাখন ৷

চাহ বাগিচাসমূহত অবৈধ সুৰাৰ প্ৰচলনেই যক্ষ্মা ৰোগৰ অন্যতম কাৰণ :উপায়ুক্ত

উক্ত সজাগতা সভাখনত উপস্থিত থাকে শোণিতপুৰ জিলা (Sonitpur District)ৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস (Deputy Commissioner) ৷ ভাষণ প্ৰসংগত উপায়ুক্ত গৰাকীয়ে কয় যে, শোণিতপুৰ জিলাত সৰ্বমুঠ ১৩১৫ গৰাকী যক্ষ্মা ৰোগী আছে ৷ ইয়াৰে ভিতৰত ৮৫২ জন পুৰুষ আৰু ৪৬৩ গৰাকী মহিলা ৰোগী আছে ৷ চাহ বাগিচা অঞ্চলত যক্ষ্মা ৰোগীৰ সংখ্যা সৰ্বাধিক ৷ নাহৰনি চাহ বাগিচাত বৰ্তমানলৈকে ২৯ গৰাকী যক্ষ্মা ৰোগী আছে ৷ ইয়াৰে ভিতৰত ১৫ গৰাকী মহিলা আৰু ১৪ জন পুৰুষ ৷

লগতে পঢ়ক-সশস্ত্ৰ সীমা সুৰক্ষা বলৰ প্ৰশিক্ষণ শিবিৰত গছপুলি ৰোপণ কাৰ্যসূচী

উল্লেখ্য যে, বছৰ বছৰ ধৰি চাহ বাগিচা অঞ্চলসমূহত অবৈধ চুলাই মদৰ সৰবৰাহ হৈ আছিল ৷ যাৰ বাবেই চাহ বাগিচাৰ বহু লোকে অত্যাধিক চুলাই সেৱন কৰাৰ ফলতেই এই অঞ্চলত যক্ষ্মা ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে বুলি মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে ।

বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ( PM Narendra Modi) ২০২৫ বৰ্ষৰ ভিতৰত ভাৰতবৰ্ষত যক্ষ্মা ৰোগ প্ৰতিৰোধ কৰাৰ পদক্ষেপ লৈছে । এই "জন আন্দোলন" সজাগতা সভাখনো তাৰে এটা অংশ ৷ ইয়াৰ সজাগতা সভাৰ দ্বাৰাই যক্ষ্মা মুক্ত শোণিতপুৰ জিলা, যক্ষ্মা মুক্ত অসম আৰু যক্ষ্মা মুক্ত ভাৰত গঢ়িব পাৰে, তাৰ বাবে আমি সকলোৱে মাৰ বান্ধি থিয় হ’ব লাগিব বুলি মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে ।

জিলা স্বাস্থ্য বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা সজাগতা সভাখনত জিলা পি.পি.এম (PPM) বিষয়া জগদীপ ৰয়, জিলা যক্ষ্মা বিষয়া ডাঃ সঞ্জয় ৰায়, বালিপৰা চিকিৎসালয়ৰ যক্ষ্মা বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক সন্তোষ শৰ্মা, চাহ বাগিচাৰ চিকিৎসা পৰিদৰ্শক ডাঃ প্ৰদীপ লহকৰ, নাহৰণী চাহ বাগিচাৰ সহকাৰী পৰিচালক গৰাকী উপস্থিত আছিল।

লগতে পঢ়ক-অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

ABOUT THE AUTHOR

...view details